ৰাখী পূৰ্ণিমাৰ দিনাই অঘটন, ক্ষোভতে এগৰাকী মহিলাই এফালৰ কাটি গ’ল শাহু, বৰজনা-জা আৰু ভতিজীক

0
7269

ৰাখী পূৰ্ণিমাৰ দিনাই অঘটন, ক্ষোভতে এগৰাকী মহিলাই এফালৰ কাটি গ’ল শাহু, বৰজনা-জা আৰু ভতিজীক

এক অতিকে ভয়ংকৰ খবৰ আহিছে অসমৰ চুবুৰীয়া ৰাজ্য় পশ্চিমবংগৰ পৰা। এগৰাকী মহিলাই খঙৰ কোবতে এফালৰ পৰা কাটি গৈছে পৰিয়ালৰে লোকক। যাৰ ফলত মৃত্যুক সাৱটি লয় ৪ গৰাকীকৈ লোকে।

ৰাখী পূৰ্ণিমাৰ দিনাই সংঘটিত হয় এই ঘটনা। ঘৰত ৰাখী পূৰ্ণিমা বুলি পূজা চলি আছিল সেই সময়তেই কোনো কথাক লৈ খং কৰি কটাৰিৰে কাটি যায় ঘৰৰ সদস্য সকলক। যাৰ ফলত মৃত্যুক সাৱটি লয় শাহু, বৰজনা-জা আৰু বৰজনাৰ ১৩ বছৰীয়া কন্যাই।

পশ্চিমবংগৰ হাওৰাত কালি নিশা সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী মহিলাগৰাকীক। ঘটনা সন্দৰ্ভত মহিলাগৰাকীক সহায় কৰি দিয়া বুলি স্বামীৰ ওপৰতো সন্দেহ আৰক্ষীৰ। পাছে বৰ্তমানে পলাতক অৱস্থাত আছে স্বামী।

ঘটনা সন্দৰ্ভ জানিব পৰা অনুসৰি কোন পানীৰ পাইপ খুলি থোৱাক লৈ পল্লৱী ঘোষ নামৰ মহিলাগৰাকী আৰু শাহুৰ মাজত কথাৰ কটাকটি হয়। পল্লৱীয়ে পানী অপচয় কৰা কাৰ্যটোৰ বিৰোধিতা কৰি শাহুৰ সৈতে বাকবিতণ্ডা লাগে।

শেষত কাষতে থকা কটাৰিৰে শাহুক ঘপিয়াই দিয়ে। লগে লগে জ্যোষ্ঠ পুত্ৰ আৰু বোৱাৰী আহি মাকক ৰক্ষা কৰাৰ বাবে। কিন্তু খঙত উগ্ৰমুৰ্তি ধৰি থকা পল্লৱীয়ে যাকে যিদৰে পাই কাটি যায়। ৰক্ষা নপৰে ১৩ বছৰীয়া কনমানিয়ো।

চুবুৰীয়াই জনোৱা অনুসৰি ঘৰখনত মিলাপ্ৰীতি বুলি একো নাই। প্ৰায়ে সৰু সুৰা কথাক লৈ কাজিয়া লাগি থাকে ঘৰখনত। আনহাতে আৰক্ষীয়ো সোধ পোচ কৰোতে পল্লৱী কিছু মানসিৰ ভাৱে দুৰ্ৱল যেন অনুভৱ হয়।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। লগতে পলাতক হৈ থকা লোকগৰাকীৰো সন্ধানত নামি পৰিছে।