22 C
Guwahati
Saturday, December 4, 2021
More

    তালিবানী কায়দা, মিজোৰামত আত্মঘাটি বোমাৰে পত্নীক হত্যা প্ৰাক্তন স্বামীৰ

    এক অবাঞ্চিত তথা নৃশংস ঘটনাই জোঁকাৰি গৈছে অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ লগতে সমগ্ৰ দেশ। আজি দুপৰীয়া ঠিক ১২.১৫ বজাত এগৰাকী মহিলাক নিজৰ প্ৰাক্তন স্বামীয়ে আত্মঘাটি বোমাৰ সহায়ত হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    হামাৰ পিপলছ কনভেনচন (এইচপিচি) কাৰ্যালয়ৰ ওচৰৰ এখন মুকলি বজাৰ এলেকাত সংঘটিত এই ঘটনাটোত লুংলেই জিলাৰ চানমাৰীৰ ৬১ বছৰীয়া লালথিয়াংঘ্লিমি নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়।

    জানিব পৰা অনুসৰি, মহিলাগৰাকীয়ে বজাৰত পাচলি বিক্ৰী কৰি থকাৰ সময়ত এমাহ পূৰ্বে বিবাহ বিচ্ছেদ হোৱা প্ৰাক্তন স্বামী ৰোহমিংগলিয়ানাই তেওঁক সাক্ষাৎ কৰিবলৈ আহিছিল।

    প্ৰাক্তন স্বামীয়ে প্ৰথমে প্ৰাক্তন পত্নীক স্থানীয়ভাৱে তৈয়াৰ কৰা এটা চিগাৰেট প্ৰস্তুত কৰিবলৈ কয়। তাৰ পিছত তেওঁ অসুস্থতাৰ ভাও ধৰি প্ৰাক্তন পত্নীক সাৱটি ধৰি আত্মঘাটি বোমাটো বিস্ফোৰণ কৰে।

    বোমা বিস্ফোৰণৰ লগে লগে প্ৰাক্তন পত্নীৰ ঘটনাস্থলতে মৃত্যু হয় আৰু তেওঁৰ প্ৰাক্তন স্বামী গুৰুতৰভাৱে আহত হয়।

    লগে লগে তেওঁক ওচৰৰে অসামৰিক হাস্পতাললৈ লৈ যোৱা হয় যদিও দুপৰীয়া প্ৰায় ১.৩০ বজাত তেওঁৰো মৃত্যু ঘটে।

    শিহৰণকাৰী এই সমগ্ৰ ঘটনাৰ সাক্ষী হৈ ৰয় মহিলাগৰাকীৰ পাচলিৰ দোকানৰ কাষতে আন এখন সৰু দোকান দি থকা তেওঁলোকৰ কন্যা।

    আৰু পঢ়ক : বাৰ্মিংহাম কমনৱেল্থ গেইমছৰ পৰা নাম প্ৰত্যাহাৰ ভাৰতীয় হকী দলৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং