26 C
Guwahati
Tuesday, September 27, 2022
More

    শৌচালয়ৰ টেংকিত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীক আটক আৰক্ষীৰ

    গোসাঁইগাঁও মহকুমাৰ হাৰাফুটা গাঁৱৰ এগৰাকী মহিলাৰ লোমৰ্ষক হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    জানিব পৰা মতে হাৰাফুটা গাঁৱৰ বছেৰ আলীৰ পত্নী মনোৱাৰা বিবিৰ মৃতদেহ শনিবাৰে বিয়লি প্ৰায় ৮ বজাত নিজ গৃহৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হয়।

    ইপিনে বছেৰ আলীৰ ঘৰৰ ৰান্ধনী গৃহত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি মহিলা গৰাকীক উক্ত স্থানতে হত্যা কৰি হত্যাকাৰীয়ে মৃতদেহটো শৌচালয়ৰ টেংকিত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

    আনহাতে ঘটনাৰ খবৰ পাই ঘটনাস্থলত ততাতৈয়াকৈ গোসাঁইগাঁও আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

    ইয়াৰ উপৰি ঘটনাস্থলীত গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া নবনীতা শৰ্মা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি বাইলুং উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু হত্যাকাণ্ডৰ তথ্য প্ৰমাণ সমূহ তন্ন তন্ন কৈ পৰীক্ষা কৰে ৷

    নিতাই মৃতদেহটো শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ কৰি গোসাঁইগাঁও আৰক্ষী থানালৈ লৈ আনা হয়।

    তিনি সন্তানৰ মাতৃ মনোৱাৰা বিবিৰ হত্যাৰ অন্তৰালত পাৰিবাৰিক সংঘাত থকাৰ সন্দেহ যদিও আৰক্ষীয়ে বাতৰি যুগতোৱালৈ কোনো কথা সদৰি কৰা নাই।

    আৰক্ষীয়ে মহিলা গৰাকীৰ স্বামী বছেৰ আলী আৰু তেওঁৰ ভাতৃক সোধা পোছাৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং