শিশুকালতেই হৈছিল অপহৰণ, এক-দুই নহয় সম্পূৰ্ণ ৫১ বছৰৰ মূৰকত উভতি আহিল পৰিয়ালৰ মাজলৈ

0
4740

শিশুকালতেই হৈছিল অপহৰণ, এক-দুই নহয় সম্পূৰ্ণ ৫১ বছৰৰ মূৰকত উভতি আহিল পৰিয়ালৰ মাজলৈ

কোনো আলৌকিক ঘটনাতকৈ কম নহয় এই ঘটনা। শিশু কালতেই পৰিয়ালৰ মাজৰ পৰা অপৰহৰণ হৈছিল এটি কনমানি। আজিৰ পৰা ৫ টা দশক পূৰ্বেই হৈছিল অপহৰণ। পৰিয়ালৰ বহু বিচাৰ খোচাৰতো কতো কোনো সন্ধান ওলোৱা নাছিল শিশুটিৰ।

আৰক্ষীয়ো বিফল হৈছিল বহু বিচাৰ খোচাৰ কৰি। সকলো ফালেই কেৱল বিফল হৈছিল অপহৰণ হোৱা শিশুটিৰ সন্ধান ওলোৱাত। এই ঘটনা আমেৰিকাৰ টেক্সাছৰ। অৱশেষত ৫১ বছৰৰ অন্তত সন্ধান ওলাই সেই শিশুৰ।

১৯৭১ চনৰ ২৩ আগষ্টত টেক্সাছৰ ফৰ্ট ৱৰ্থৰ পৰা অপহৰণ কৰা হৈছিল মেলিছা হাইস্মিথ নামৰ মহিলাগৰাকীক। মেলিছাৰ মাতৃ এগৰাকী সংবাদিক হিচাপে কাম কৰিছিল, যাৰ বাবে শিশুটিৰ চোৱাচিতা কৰাত অসুবিধাৰ সৃষ্টি হৈছিল।

সেয়ে কোনো বিশেষ খা খবৰ নকৰাকৈয়ে শিশুটিৰ চোৱাচিতাৰ বাবে ৰাখি লৈছিল এগৰাকী ধাই মা। পাছত সেই ধাই মা গৰাকীয়েই শিশু মেলিছাক লৈ অন্তৰ্ধান হৈছিল।

পাছত এক এন জি অ’ৰ সহায়ত ৫১ বছৰৰ অন্তত সন্ধান ওলাই মেলিছাৰ। লগে লগে মেলিছাৰ জন্মদিনৰ দিলাই পিতৃ-মাতৃৰ লগতে ভাই ভনীয়ে দেখা কৰে মেলিছাক। যি ঘটনাই বৰ্তমানে চাঞ্চল্যৰ সৃষ্টি কৰিছে লগতে সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰিছে।