মোবাইল গেমেৰে চিনাকী হৈ যুৱতীক অপহৰণ, আৰক্ষীৰ জালত অপহৃত যুৱক

0
28

তামুলপুৰত সংঘটিত হৈছে এক অপহৰণ কাণ্ড। মোবাইল গেমেৰে চিনাকী হোৱা কলকাতাৰ যুৱকে কৌশলেৰে অপহৰণ কৰিলে তামুলপুৰৰ এগৰাকী যুৱতীক ৷ প্ৰথমে মোবাইলত গেম পিছত চলাহী কথাৰে মুহি শেষত হাওৰালৈ অনলাইন ৰেলৰ টিকট কৰি পঠাই যুৱতীলৈ।

নৱেম্বৰ মাহৰ ৫ তাৰিখে কলকাতাৰ যুৱক  শ্বেখ ৰছিদ আমিনে পঠাই দিয়া অনলাইন টিকটেৰে হঠাৎ ঘৰৰ পৰা অন্তৰ্ধান হৈ যুৱতী গৰাকী৷ বহুত সন্ধান কৰিও পৰিয়ালৰ লোকে কোন খবৰ নাপাই কাষ চাপিল তামুলপুৰ আৰক্ষীৰ ৷ আৰক্ষীৰ  তদন্তত সন্ধান পালে কলকাতাৰ চব্বিশ পৰগনা জিলাৰ তিতাগড় থানাৰ এখন অখ্যাত গাঁৱত।

অৱশেষত, তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিজয় দাসৰ নেতৃত্বত  এটি সজাতি দলে বেংগল পুলিচৰ সহযোগত উদ্ধাৰ কৰিলে যুৱক সহ অপহৃত  তামুলপুৰৰ যুৱতী গৰাকীক আৰু নিশা প্ৰায় ১১ বজাত তামুলপুৰ আৰক্ষী থানাত উপস্থিত হয় অভিযানকাৰী দলটো।

Photo and input:@abhijittalukdar