মোবাইল গেমেৰে চিনাকী হৈ যুৱতীক অপহৰণ, আৰক্ষীৰ জালত অপহৃত যুৱক

0
48

তামুলপুৰত সংঘটিত হৈছে এক অপহৰণ কাণ্ড। মোবাইল গেমেৰে চিনাকী হোৱা কলকাতাৰ যুৱকে কৌশলেৰে অপহৰন কৰিলে তামুলপুৰৰ এগৰাকী যুৱতীক ৷ প্ৰথমে মোবাইলত গেম পিছত চলাহী কথাৰে মুহি  শেষত  হাওঁৰালৈ অনলাইন ৰেলৰ টিকট কৰি পঠাই যুৱতীলৈ।

নবেম্বৰ মাহৰ ৫ তাৰিখে কলকাতাৰ যুৱক  শ্বেখ ৰছিদ আমিনে পঠাই দিয়া অনলাইন টিকতেৰে হঠাৎ ঘৰৰ পৰা অন্তৰ্ধান হৈ যুৱতী গৰাকী৷ বহুত বিচাৰ খোচাৰ কৰিও পৰিয়ালৰ লোকে কোন সন্ধান নাপাই কাষ চাপিল তামুলপুৰ আৰক্ষীৰ ৷ আৰক্ষীৰ  তদন্তত সন্ধান পালে কলকাতাৰ চব্বিশ পৰগনা জিলাৰ তিতাগড় থানাৰ এখন অখ্যাত গাৱঁত ৷

অৱশেষত, তামুলপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিজয় দাসৰ নেতৃত্বত  এটি সজাতি দলে বেংগল পুলিচৰ সহযোগত উদ্ধাৰ কৰিলে যুৱক সহ অপহৃত  তামুলপুৰৰ যুৱতী গৰাকীক ৷ আৰু নিশা প্ৰায় ১১ মান বজাত তামুলপুৰ আৰক্ষী থানাত উপস্থিত হয় অভিযানকাৰী দলটো।

Photo and input:@abhijittalukdar