শৰীৰৰ ওপৰেৰে পাৰ হৈ গ’ল ৰে’ল ! তথাপিও ফোনতে কথা পাতি থাকিল মহিলাই , ভাইৰেল ভিডিঅ’

0
16448

শৰীৰৰ ওপৰেৰে পাৰ হৈ গ’ল ৰে’ল ! তথাপিও ফোনতে কথা পাতি থাকিল মহিলাই , ভাইৰেল ভিডিঅ’

সামাজিক মাধ্যমত বহু সময়ত আমি বিভিন্ন ধৰণৰ ভিডিঅ’ দেকিবলৈ পাও । এই ভিডিঅ’বোৰৰ কিছুমানে মনোৰঞ্জন দিয়ে আৰু আন কিছুমান চালে বুকু কপি যায়। শেহতীয়াকৈ তেনে এক ভিডিঅ’সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ’টো দেখি সকলো আচৰিত হৈছে।

ভিডিঅ’টো দেখিবলৈ পোৱা গৈছে যে এখন ৰে’ল এগৰাকী মহিলাৰ ওপৰেৰে পাৰ হৈ গৈ আছিল। ঘটনাস্থলীত উপস্থিত লোকসকলে মহিলাগৰাকীৰ জীৱন ৰক্ষা হ’ব নে নাই তাকে ভাবি কঁপি উঠিছিল। কিন্তু ৰে’লখন পাৰ হোৱাৰ পিছত সকলোয়ে যি দেখিছিল সেয়া আচৰিত আছিল।

দৰাচলতে এটা ৰে’লৰ চিৰিৰ সোমাজতে এগৰাকী মহিলা শুই ফোনত কথা পাতি আছে। আৰু সেই সময়তে এখন ৰে’ল সেই চিৰিটোৰে পাৰ হৈ যায়। অৰ্থাৎ ৰে’লখন মহিলা গৰাকীৰ গাৰ ওপৰে দি পাৰ হৈ যায়। অৱশ্যে সৌভাগ্যক্ৰমে মহিলা গৰাকীৰ একো হোৱা নাছিল।

ৰে’লখন পাৰ হৈ যোৱাৰ পিছটো মহিলা গৰাকীয়ে ফোনতে কথা পাতি থকা ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছিল। ভিডিঅ’টোত মহিলাগৰাকীয়ে নিজৰ জীৱনটোক বিপদত পেলোৱা দেখা গৈছিল।

অৱশ্যে মহিলা গৰাকীয়ে কি উদ্দেশ্যৰে চিৰিটোত শুই আছিলে সেয়া জানিব পৰা নাই। সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত সকলো লোকে আচৰিত হৈছে। ভিডিঅ’টো ক’ৰ সেয়া জানিব পৰা হোৱা নাই।