
ধন উপাৰ্জন কৰিবলৈ আৰু ধনী হ’বলৈ মানুহে যিকোনো কাম কৰে কিন্তু পাকিস্তানৰ এগৰাকী মহিলাই যি প্ৰক্ৰিয়া অৱলম্বন কৰিলে সেয়া শুনি হয়টো আপুনিও আচৰিত হ’ব।
মহিলাগৰাকীয়ে বীমা পলিচীৰ টকা ল’বলৈ নিজৰে মৃত্যু হোৱা বুলি প্ৰমাণ কৰিলে।
কেৱল এয়াই নহয় মহিলাগৰাকীয়ে এই কাৰ্যত সফলো হ’ল আৰু মহিলাগৰাকীয়ে পালে ১১ কোটি টকা(ভাৰতীয় মুদ্ৰা হিচাপত)। বৰ্তমান পাকিস্তানী বিষয়াই এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দিছে।
দৰাচলতে মহিলাগৰাকীয়ে প্ৰৱঞ্চনাৰে নিজকে মৃত ঘোষণা কৰিলে আৰু মহিলাগৰাকীৰ সন্তানে ১.৫ মিলিয়ন ডলাৰৰ ২খন জীৱন বীমা পলিচীও দাবী কৰে।
বৰ্তমান বীমাৰ সৈতে জড়িত বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
FIAৰ বিষয়াসকলে জনোৱা অনুসৰি, সীমা খৰ্বে নামৰ মহিলাগৰাকীয়ে ২০০৮ আৰু ২০০৯ত আমেৰিকাৰ যাত্ৰা কৰে আৰু নিজৰ নামত ২খন বীমা পলিচী ক্ৰয় কৰে।
২০১১ত মহিলাগৰাকীয়ে এজন চিকিত্সকসহ পাকিস্তানৰ কেইজনমান স্থানীয় চৰকাৰী বিষয়াক ঘোচ দিয়ে আৰু তেওঁৰ নামত মৃত্যু প্ৰমাণ পত্ৰ জাৰি কৰে।
দস্তাৱেজত এইটো কোৱা হৈছে যে তেওঁক ক’ত কবৰ কৰা হৈছিল।
বিষয়াসকলে ক’লে যে প্ৰমাণপত্ৰৰ ব্যৱহাৰ কৰি মহিলাগৰাকীৰ সন্তানে ১.৫ মিলিয়ন ডলাৰ(প্ৰায় ২৩ কোটি পাকিস্তানী টকা)ৰ ২খন জীৱন বীমা পলিচীৰ দাবী কৰে।
মৃত বুলি ঘোষণা কৰাৰ পিছতো মহিলাগৰাকী কৰাচী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা প্ৰায় ১০ বাৰ বিদেশ যাত্ৰা কৰে।
এয়াৰলাইঞ্চৰ কোম্পানীয়ে এই কথাটো স্বীকাৰ কৰিলে যে প্ৰৱঞ্চনাৰ পৰিচয় কৰাত তেওঁলোক সক্ষম নাছিল।
বিষয়াসকলে ক’লে যে অভিযুক্ত মহিলাগৰাকীয়ে ৫খন দেশৰ ভ্ৰমণ কৰে, কিন্তু প্ৰতিবাৰে ঘৰলৈ উভতিছিল।
FIA Human Trafficking Cellয়ে বৰ্তমান মহিলাগৰাকীক, তেওঁৰ পুত্ৰ আৰু কন্যা আৰু কেইজনমান স্থানীয় চৰকাৰী বিষয়াৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰে, তাত এজন চিকিত্সকো অন্তৰ্ভুক্ত।
Photo Credit: Aaj Tak