29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আজি বিশ্ব মাতৃ দিৱস! শিৱসাগৰত সংঘটিত হ’ল নাৰী নিৰ্যাতনৰ ঘটনা

    আজি বিশ্ব মাতৃ দিৱস! শিৱসাগৰত সংঘটিত হ’ল নাৰী নিৰ্যাতনৰ ঘটনা – আজি বিশ্ব মাতৃ দিৱস। মাতৃত্বৰ গৌৰৱেৰে গৌৰাম্বিত সমগ্ৰ মানৱ জাতিৰ বাবে আজি এটা বিশেষ দিন। কিন্তু,আমৰ সমাজ ব্যৱস্থাত আজিও নাৰী জাতিৰ সুৰক্ষাৰ হেতু আইনী ব্যৱস্থা একেবাৰে দুৰ্বল হৈ আছে।

    যাৰ সুৰুঙা লৈ দোষীয়ে আইনৰ আওতালৈ অহাৰ পূর্বেই মুকলি হৈ যায়। শিৱসাগৰৰ চেৰেকাপাৰ স্থিত কুঁজিবালি হাঁহচৰাত সংঘটিত হৈছে নাৰী নির্যাতনৰ এক চাঞ্চল্যকৰ ঘটনা।

    ঘটনাৰ বিৱৰণী মতে, চলিত মাহৰ ৩ তাৰিখে নিশা প্ৰায় ৯:৩০ বজাত হাঁহচৰা শলগুৰীয়া গাৱৰ নিৱাসী ৪২ বছৰীয়া অনুপম চুতীয়া ওৰফে বুদ্ধ নামৰ ব্যক্তিজনে আন্ধাৰৰ সুযোগ লৈ পল্লৱী হাজৰিকা নামৰ মহিলা গৰাকীক ধর্ষণ কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।

    উক্ত সময়ত পল্লৱীৰ চিঞৰ বাখৰ শুনি স্বামী মৌচুম হাজৰিকা আগবাঢ়ি যোৱাত অভিযুক্ত অনুপম চুতীয়াই মৌচুমী হাজৰিকাক দন্তৰে সজ্বোৰে কামুৰি আঘাত কৰে। আনহাতে পল্লৱী হাজৰিকাই আত্মৰক্ষাৰ বাবে কাষতে পোৱা এটা ইটাৰ টুকুৰাৰে অনুপম চুতীয়াৰ মূৰত আঘাত কৰাত অভিযুক্ত পলায়ন কৰে।

    ঘটনাৰ সন্দৰ্ভত চেৰেকাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিলৰ বাবে যোৱা হাজৰিকা দম্পতীক চিকিৎসাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে। কিন্তু, স্বাস্থ্য পৰীক্ষা কৰি ঘূৰি আহি জানিব পাৰে যে,অনুপম চুতীয়াই মৌচুমী হাজৰিকাৰ ওপৰত হত্যাৰ গোচৰ ৰুজু কৰে।

    বর্তমান মৌচুমী হাজৰিকা জেল হাজোতত। কিন্তু, উক্ত অঞ্চলৰ অধিকাংশ মহিলাই অনুপম চুতীয়াৰ চাৰিত্ৰিক দুৰ্বলতাৰ কথা ষ্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে পূর্বেও বহু মহিলাক অশালীন ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহিছে।

    যাৰ বাবে পল্লৱী হাজৰিকাক ন্যায় দিবলৈ আগবাঢ়ি আহিছে জিলা অনুসূচিত জাতি সমিতি আৰু শিৱসাগৰ জিলা অনুসূচিত জাতি মহিলা সমিতিযে। কিন্তু, চেৰেকাৰপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই হাজৰিকা দম্পতীক অভব্য আচৰণ কৰাৰ লগতে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

    কিন্তু, ঘটনাৰ আঁৰৰ প্রকৃত ৰহস্য নিৰপেক্ষ ভাৱে কৰা আৰক্ষীৰ সঠিক অনুসন্ধানত হে পোহৰলৈ আহিব বুলি জানিব পৰা অনুমান কৰিব পৰা গৈছে।

    Photo and input: Sanjay pareek

    আৰু পঢ়ক : কাইলৈ‌ মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন কংগ্ৰেছৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং