26 C
Guwahati
Thursday, September 16, 2021
More

    অসমত ব্ৰহ্মা , বিষ্ণু, মহেশ্বৰ ৰূপে প্ৰকট হৈছে তিনিটা ল’ৰা সন্তান

    কৰ’ণা মহামাৰীৰ মাজতে বিলাসীপাৰাত সংঘটিত হয় এক আচৰিত ঘটনা। এগৰাকী মাতৃৰ গৰ্ভৰ পৰা জন্ম হ’ল তিনিটাকৈ ল’ৰা সন্তান।

    বিলাসীপাৰাৰ এলেংমাৰী গাওঁৰ নিয়কান্ত নাথ নামৰ এগৰাকী কৃষকৰ ঘৰত জন্ম হয় তিনিটাকৈ ল’ৰা সন্তান।


    উল্লেখ্য যে প্ৰসূতি গৰাকীৰ স্বামী কৰ্মসূত্ৰে হাইদৰাবাদত থাকে । সেয়ে বহু সময়ত পৰিয়ালটোলৈ সহায় সহযোগিতা আগবঢ়াই আহিছিল ৰূপনাথ শৰ্মা নামৰ এম্বুলেঞ্চ চালক জনে ।

    প্ৰসূতি গৰাকীক সঠিক সময়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰাত সহায় কৰে ৰূপনাথ শৰ্মা এম্বুলেঞ্চ চালক জনে ।

    বহুত অসুবিধাৰ সন্মুখীন হৈ অবশেষত জুলাই মাহৰ ৭ তাৰিখত মাতৃ গৰাকীয়ে জন্ম দিয়ে তিনিটাকৈ লৰা সন্তান। চিকিৎসকৰ পৰামৰ্শ মতে কালি ঘৰলৈ লৈ আনে মাতৃ সহ তিনি সন্তানক |


    ল’ৰা সন্তান কেইটিৰ নাম ব্ৰহ্মা , বিষ্ণু মহেশ্বৰ নামেৰে নামাকৰণ কৰা হৈছে । এই ঘটনাই আনন্দিত কৰিছে বিলাসীপাৰাৰ এলেংমাৰী বাসীক।

    photo credit : Nur afrujul islam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং