
জন্মতেই ওজন ৭.৩ কিলো , উচ্চতা দেখি হতভম্ব চিকিৎসক ; জন্ম হৈয়ে এটি শিশুৱে গঢ়িলে আশ্চৰ্যকৰ অভিলেখ
এগৰাকী মহিলাই এটি ল’ৰা সন্তান জন্ম দিছে। কিন্তু শিশুটোৰ ওজন ৭.৩ কিলোগ্ৰাম শিশুটোৰ উচ্চতা দুই ফুট বুলি জানিব পৰা গৈছে। শিশুটি দেখি এতিয়া চিকিৎসক সকলেও আচৰিত হৈছে। ঘটনাটো ব্ৰাজিলত সংঘটিত হৈছে। এই নৱজাতক শিশুটোৰ ওজন সাধাৰণ শিশুতকৈ বহু বেছি ।
জন্ম হৈয়ে শিশুটোৱে আটাইতকৈ গধুৰ শিশুৰ অভিলেখ গঢ়িছে। সাধাৰণতে,এটি নৱজাতকৰ ওজন ৩.৩ কিগ্ৰাৰ পৰা ৩.২ কিলোগ্ৰামৰ ভিতৰত হয়। সামাজিক মাধ্যমত শিশুটিয়ে এক আলোড়নৰ সৃষ্টি কৰিছে। নৱজাতকটিৰ নাম এঞ্জাৰচন চেণ্টোছ ৰখা হৈছে, যি চিজাৰিয়ানৰ জৰিয়তে জন্ম গ্ৰহণ কৰে।
এঞ্জাৰচনে আটাইতকৈ গধুৰ শিশু হোৱাৰ অভিলেখ ৰাখিছে। ইয়াৰ আগতে, ২০১৬ চনত ৬.৮ কিলোগ্ৰাম ওজনৰ এটা কেঁচুৱা জন্ম হৈছিল আৰু তাৰ পূৰ্বে ১৯৯৫ চনত ইটালীত ১০.৩ কিলোগ্ৰাম ওজনৰ এটা কেঁচুৱাৰ জন্ম হৈছিল। এই প্ৰকাৰৰ শিশুক মেক্ৰোচোমিয়া (গ্ৰীক শব্দ) বুলি কোৱা হয়।
ইয়াত গৰ্ভধাৰণৰ সময় যিয়েই নহওঁক, শিশুৰ ওজন ৪ কিগ্ৰাতকৈ অধিক থাকে। মেক্ৰোচোমিয়া থকা শিশুৰ জন্ম প্ৰায় ১২ শতাংশ। গৰ্ভধাৰণৰ সময়ত ডায়েবেটিচ থকা মাতৃসকলৰ ক্ষেত্ৰত ই জন্মৰ ১৫ শতাংশৰ পৰা ৪৫ শতাংশলৈ বৃদ্ধি হয়।