26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিবাহ বিচ্ছেদৰ নাম শুনিয়ে খৰ্গহস্ত পত্নী, খঙতে স্বামীৰ গুপ্তাংগ কাটি তেলত ভাজি দিলে

    বিবাহ বিচ্ছেদৰ নাম শুনিয়ে খৰ্গহস্ত পত্নী, খঙতে স্বামীৰ গুপ্তাংগ কাটি তেলত ভাজি দিলে

    বিবাহ বিচ্ছেৰ নাম শুনিয়ে খঙতে কব নোৱাৰা হৈ পৰে পত্নী। যাৰ বাবে সুযোগ বুজি পুৱতি নিশা কৰি পেলাই এক নভৱা নিচিন্তা ঘটনা। শুই থকা অৱস্থাতে স্বামীৰ গুপ্তাংগ কাটি তেলত ভাজি দিয়ে পত্নীয়ে।

    পিছত নিজেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণো কৰে পত্নীয়ে। এই ঘটনা সংঘটিত হৈছে ব্ৰাজিল দেশত। আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি, পত্নীয়ে খঙতে কব নোৱাৰা হৈ পৰে আৰু তেনে এক নোহোৱা নোপোজা কাম কৰি পেলাই। যাৰ ফলত স্বামীৰ মৃত্যু ঘটে।

    ১০ বছৰীয়া সংসাৰত তেওঁলোকৰ ৮ আৰু ৫ বছৰীয়া দুটি সন্তানো আছে। মাজতে এৰা এৰি হৈ পুনৰ সংসাৰ মেলাৰ বাবে একেলগ হৈছিল দুয়ো। কিন্তু পিছলৈ পুনৰ মনোমালিন্য ঘটাত এনে এক ঘটনা সংঘটিত হৈ যায়।

    পিজ্জাৰ ব্যৱহাৰ কপা দুয়ো স্বামী স্ত্ৰীৰ মাজত সঘনাই কাজিয়া লাগে বুলি মন্তব্য কৰে চুবুৰীয়াই। বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী পত্নী। আনহাতে দুই সন্তানক ৰাখিছে পত্নীৰ জ্যেষ্ঠ ভগ্নীৰ ওচৰত।

    আৰু পঢ়ক : হোটেললৈ নি যুৱতীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে পিতৃয়ে, ভিডিঅ’ বনাই ভাইৰেল কৰাৰ ভাবুকি…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং