দেৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড; নিজ পত্নীক হত্যা কৰি পলায়ন স্বামীৰ!

0
6036
পত্নীৰ বাবে নিজ মাতৃক নদীত পেলাই হত্যা পুত্ৰৰ, ঘটনাক লৈ চাঞ্চল্য দেশত
প্ৰতিনিধিত্বমূলক চিত্ৰ

গোলাঘাট জিলাৰ দেৰগাঁৱৰ বগৰিয়নীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। ঘৰৰ ভিতৰতে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লাভ কৰা খবৰ অনুসৰি, আজি দিনৰ ভাগত নিজৰ স্বামীয়ে মহিলাগৰাকীক হত্যা কৰি ঘৰৰ ভিতৰৰ বিছনাত মৃতদেহটো কাপোৰেৰে ঢাকি ঘটনাস্থলৰ পৰা অভিযুক্তজনে পলায়ন কৰে।

মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকী শিৱসাগৰ নাজিৰাৰ আৰু তেওঁ গোলাঘাটৰ জামুগুৰিৰ মনোজ মুণ্ডা নামৰ লোকজনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

দেৰাগাঁৱৰ বগৰিয়নীৰ ভাৰত ভূষণ বৰা নামৰ এজন লোকৰ ঘৰত বহুদিন ধৰি বনকৰা লোক হিচাপে আছিল স্বামী-স্ত্ৰী।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰু হত্যাৰ অভিযুক্ত স্বামীক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰে।

ইফালে এই হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

ইনপুট : অভিজিত বৰা