31 C
Guwahati
Thursday, September 29, 2022
More

    ৰেল লাইনত উদ্ধাৰ মহিলাৰ মৃতদেহ, ৰেলৰ খুন্দাত মৃত্যুৰ সন্দেহ

    হেলেম আৰু বৰগাং ৰেল ষ্টেচনৰ মাজত ১৯১/ ৯ আৰু ১৯২ / 0 নম্বৰত এগৰাকী মহিলাৰ মৃতদেহ ৰেল লাইনত উদ্ধাৰ হৈছে।

    অৱশ্যে মহিলা গৰাকী ৰেলৰ খুন্দাত নিহত হ’ল নে চলন্ত ৰেলৰ পৰা জপিয়াই আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

    স্থানীয় ৰাইজে মহিলা গৰাকী ৰেলৰ খুন্দাত নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে ৰেল বিভাগৰ মতে চলন্ত ৰেলৰ পৰা জপিয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

    শনিবাৰে ৰঙিয়াৰ পৰা মুৰ্কঙচেলেক লৈ গৈ থকা চলন্ত ৰেলৰ পৰা মহিলা গৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিব পাৰে তাকে লৈ আচৰিত প্ৰকাশ কৰিছে স্থানীয় ৰাইজ ।

    তাৰ বিপৰীতে ৰেল বিভাগে আত্মহত্যা বুলিয়েই অভিহিত কৰে।

    পৰৱৰ্তী সময়ত বৰগাং আৰক্ষী আৰু ৰেল আৰক্ষী সেই স্থানত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰিছে।

    মহিলা গৰাকীৰ পিন্ধনত সেউজীয়া পাৰীৰ শাৰী আৰু প্ৰায় ৩৫ বছৰ বয়সৰ বুলি অনুমান কৰিছে লগতে মহিলা গৰাকী বেংগলী অথবা বিহাৰী সম্পদায়ৰ হ’ব বুলি ধাৰণা কৰিছে।

    বৰ্তমান এই অচিনাক্ত মহিলাৰ মৃতদেহটো বিহালীত মৰ্গত ৰখা হৈছে।

    চিনাক্ত নোহোৱা ৭২ ঘণ্টা পৰ্যন্তে বিহালীৰ মৰ্গতে থাকিব বুলিও জানিব পৰা গৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং