খাদ্যৰ পেকেটত ওলাল দাঁত, সামাজিক মাধ্য়মত বিয়পি পৰিছে ফটো…

0
612

খাদ্যৰ পেকেটত ওলাল দাঁত, সামাজিক মাধ্য়মত বিয়পি পৰিছে ফটো…এক বিমান যাত্ৰাত এগৰাকী মহিলাই খাদ্যত লাভ কৰে এটা গোটা গোটে দাঁত।

পেকেট খাদ্যত কেতিয়াবা যদি চুলি, কেতিয়াবা পইতাচোৰা, কেতিয়াবা অন্য পোক-পতংগ আদি উদ্ধাৰ হোৱা ঘটনা আজিৰ নতুন নহয়। পাছে এইবাৰ খাদ্যত ওলাল দাঁত।

তাকো ভঙা টুকুৰা নহয়, একেবাৰে সম্পূৰ্ণ দাঁত উদ্ধাৰ পেকেট খাদ্যত। যি ফটো বৰ্তমানে সামাজিক মাধ্যমত বিয়পি পৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ঘাদা নামৰ টুইটাৰ ব্যৱহাৰকাৰী এগৰাকী মহিলাই টুইটাৰত শ্বেয়াৰ কৰিছে খাদ্যত ওলোৱা দাঁতৰ ফটো।

লগতে লিখিছে এক পোষ্ট। পোষ্টটোত মহিলাগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ব্ৰিটিছ এয়াৰৱেজৰ দ্বাৰা পৰিচালিত বিমানত পৰিৱেশন কৰা হৈছিল এক পেকেট খাদ্য। সেই খাদ্যতেই লাভ কৰে দাঁত।

লগতে ইয়াকো উল্লেখ কৰে যে, ২৫ অক্টোবৰত লণ্ডনৰ পৰা ডুবাইলৈ যোৱা এখন বিমান বিএ107-ত এই দাঁথ থকা খাদ্য লাভ কৰিছিল।

এই ঘটনাৰ বিষয়ে জনাৰ লগে লগে বিমান সংস্থাটোৱে তৎক্ষণাৎ ইয়াৰ সঁহাৰি দিয়ে। বিমান সংস্থাটোৱে উত্তৰত দুখিত বুলি লিখি ইয়াৰ উচিত তদন্ত কৰা হ’ব বুলিও মন্তব্য কৰে।