
মহানগৰীৰ সৰুসজাইত নিশা সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।
শিহৰণকাৰী দুৰ্ঘটনাটোত মৃত্যু হোৱা মহিলা গৰাকী নুনমাটিৰ ৰুনু দাস বুলি চিনাক্ত কৰিছে প্ৰশাসনে।
খানাপাৰাৰ পৰা একে দিশেৰে লখৰা অভিমুখে আহি থকা এ এছ ০২ এ চি ৭৬৬২ নম্বৰৰ এখন ট্ৰাকে এ এছ ০১ ই ডব্লিউ ৬৮১৩ নম্বৰৰ এখন বাইকক মহতিয়াই নিয়ে।
সৰুসজাইত দুৰ্ঘটনাত পতিত হোৱা বাইকখন উদ্ধাৰ হয় ট্ৰাকসহ প্ৰায় এক কিলোমিটাৰ দূৰৈৰ লখৰাত। আৰু তাতেই বাইকখন ট্ৰাকৰ তলতে উদ্ধাৰ হয়।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে প্ৰাণ হেৰুওৱা মহিলা গৰাকীৰ মুণ্ড ছিন্ন অৱস্থাত পৰি ৰৈছিল ৰাষ্ট্ৰীয় ঘাইপথত।
আনহাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক ৰফিকুল ইছলামক আটক কৰিছে গড়চুক আৰক্ষীয়ে।
আৰু পঢ়ক : জেইলত বন্দুকধাৰীৰ আক্ৰমণ, ১১ গৰাকীৰ মৃত্যু, ২৬২ গৰাকী কয়দীৰ পলায়ন