হাস্পতালৰ বাহিৰত চিকিৎসাৰ বাবে বহু সময় ধৰি ৰৈ থকা মহিলাৰ অৱশেষত মৃত্যু

0
747
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ সন্মুখত দেখা দিছে আন এক নতুন সংকটে, বিশ্ব স্বাস্থ্য
ফটো সৌজন্য- ইণ্টাৰনেট

কৰুণ মৃত্যুক সাৱতে এগৰাকী মহিলাই। হাস্পতালৰ বাহিৰত চিকিৎসাৰ বাবে বহু সময় ধৰি ৰৈ থকা থকা মহিলাৰ অৱশেষত মৃত্যু। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত । এখন চৰকাৰী হাস্পাতলৰ বাহিৰত এই ঘটনা।

বহু ধৰি হাস্পতালৰ বাহিৰত চিকিৎসাৰ বাবে ৰৈ আছিল মহিলাগৰাকী। শ্বাস প্ৰশ্বাসত কষ্ট পাই আছিল মহিলাগৰাকীয়ে। পিছে বহু সময় ধৰি কোনো চিকিৎসা লাভ নকৰাত অৱশেষত নিজৰ বাহন খনৰ ভিতৰতে মৃত্যুক সাৱতি লয়।

পিছত হাস্পতালখনৰে কোনো চিকিৎসকে বাহিৰলৈ আহিবলৈ সুবিধা পায় যদিও ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰা মহিলাগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে। ইয়াৰ পিছতো সহায়কৰ অভাৱত বাহন খনতে প্ৰায় ৩ৰ পৰা ৪ ঘণ্টা পৰি থাক মহিলাগৰাকীৰ মৃতদেহ।

আৰু পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কভিড ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড