29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হৃদয় বিদাৰক! কাল কৰ’ণাই মাতৃহাৰা কৰিলে ৭ দিনীয়া এটি দেৱশিশুক,‌‌পিতৃও আক্ৰান্ত…

    হৃদয় বিদাৰক! কাল কৰ’ণাই মাতৃহাৰা কৰিলে ৭ দিনীয়া এটি দেৱশিশুক,‌‌পিতৃও আক্ৰান্ত…

    শিৱসাগৰ জিলাৰ নামতিৰ মিছাজানত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা |মহামাৰী কাল কৰ’ণাই থান-বান কৰিলে এটা পৰিয়ালৰ এখন সুখৰ সংসাৰ |

    পৃথিৱীৰ পোহৰ দেখা ৭ টা দিন সম্পূৰ্ণ নহওতেই মাতৃহাৰা হ’ল এটি দেৱশিশু |এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ নামতিৰ মিছাজানত।

    উল্লেখযোগ্য যেনামতিৰ মিছাজানৰ চুলতানা বেগমে জন্ম দিছিল এটি সন্তানক |সন্তান জন্মৰ পাছতে চুলতানা আক্ৰান্ত হৈছিল মহামাৰী ক’ভিড ১৯ ত |মহামাৰী ক’ভিড ১৯ ৰ সৈতে যুঁজ কৰি হাৰ মানিলে চুলতানা বেগমে |

    জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়তে ৭ দিনীয়া দেৱশিশুটিৰ মাতৃ চুলতানা বেগমে শেষ নিশ্বাস ত্যাগ কৰে |এতিয়া হাহাকাৰ লাগিছে এতিয়া দূৰ্ভগীয়া পৰিয়ালটোৰ |কিয়নো চুলতানাৰ স্বামী বুলবুল আলিও আক্ৰান্ত হৈ আছে ক’ভিড ১৯ ত |

    প্ৰতিদিনে জটিল হৈছে ক’ভিড পৰিস্থিতি |প্ৰাণঘাটি কৰ’নাই ইতিমধ্যেই প্ৰাণ কাঢ়িছে হাজাৰ হাজাৰৰ লোকৰ |তাৰ মাজতে নামতিৰ এই শোকাবহ ঘটনাই এতিয়া শোকবিহ্বল কৰি তুলিছে নামতিবাসীক |

    ফটো আৰু ইনপুট: জিয়াৰুদ্দিন আহমেদ

    আৰু পঢ়ক : শুকুৰবাৰৰ পৰা বন্ধ আন্ত:জিলা যাতায়ত: হিমন্ত বিশ্ব শৰ্মা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং