শুই শুই লাভ কৰিলে লাখ টকাৰ পুৰস্কাৰ! দীঘলীয়া টোপনি মাৰি যুৱতীয়ে গঢ়িলে অনন্য অভিলেখ

0
501

শুই শুই লাভ কৰিলে লাখ টকাৰ পুৰস্কাৰ! দীঘলীয়া টোপনি মাৰি যুৱতীয়ে গঢ়িলে অনন্য অভিলেখ

সকলো মানুহেই শুই ভাল পাই । কিন্তু শুই শুই পুৰষ্কাৰ লাভ কৰা কথাটো কেতিয়াবা শুনিছিলে নে? এইবাৰ এগৰাকী যুৱতীয়ে শুই শুইয়ে লাভ কৰিলে লাখ টকাৰ পুৰষ্কাৰ।

শুই শুই পুৰষ্কাৰ লাভ কৰা যুৱতী গৰাকী পশ্চিম বংগৰ হুগলী জিলাৰ শ্ৰীৰামপুৰ অঞ্চলৰ বাসিন্দা ত্ৰিপৰ্ণা চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে।

ভাৰতত প্ৰথমবাৰলৈ অনুস্থিত হোৱা টোপনি প্ৰতিযোগিতাত ত্ৰিপৰ্ণা চক্ৰৱৰ্তী বিজয়ী হৈছে। ত্ৰিপৰ্ণাই চাৰে চাৰি লাখ অংশগ্ৰহণকাৰীক পৰাস্ত কৰি আটাইতকৈ দীঘলীয়া টোপনিৰ সৈতে ভাৰতৰ প্ৰথম শ্লিপ চেম্পিয়মশ্বিপ জিকিবলৈ সক্ষম হয়।

ত্ৰিপৰ্ণাই ১০০ দিনৰ বাবে একেৰাহে ৯ ঘণ্টা টোপনি যোৱাৰ অভিলেখ স্থাপন কৰিছে। একে সময়তে এই প্ৰতিযোগিতাত বিজয়ী হোৱাৰ বাবে তেওঁক ৫ লাখ টকাৰ পুৰস্কাৰো দিয়া হৈছে।

প্ৰতিযোগিতা খন জিকাৰ পিছত ত্ৰিপৰ্ণাই কৈছে যে তেওঁ সৰুৰে পৰা শুবলৈ ভাল পায়।সেয়ে যেতিয়া এটা ৱেবছাইটৰ জৰিয়তে এই প্ৰতিযোগিতাৰ বিষয়ে জানিব পাৰিছিল তেতিয়া তেওঁৰ আনন্দৰ সীমা নোহোৱা হৈছিল।

প্ৰতিযোগিতাটোত চাৰে চাৰি লাখ লোকে আবেদন ৰাখিছিল, যাৰ ভিতৰত ১৫ জন অংশগ্ৰহণকাৰী বাছনি কৰা হৈছিল।আৰু ফাইনেলৰ বাবে মাত্ৰ ৪ জন লোকক বাছনি কৰা হৈছিল।