27 C
Guwahati
Saturday, August 6, 2022
More

    শাহুৱেকক কোঠাত বাহিৰৰ পৰা বন্ধ কৰি দুই সন্তানৰ সৈতে মাতৃয়ে জাপ দিলে ৰে’লৰ আগত, সন্দেহৰ আৱৰ্তত ভাতৃ

    শাহুৱেকক কোঠাত বাহিৰৰ পৰা বন্ধ কৰি দুই সন্তানৰ সৈতে মাতৃয়ে জাপ দিলে ৰে’লৰ আগত, সন্দেহৰ আৱৰ্তত ভাতৃ

    এক অতিকে শোকাৱহ ঘটনা। দুই সন্তানৰ সৈতে আত্মহত্যা কৰে মাতৃয়ে। লক্ষ্ণৌত সংঘটিক হৈছে এই ঘটনা। যি ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশৰ লগতে লক্ষ্ণৌ চহৰ। আঠ আৰু আঢ়ৈ বছৰীয়া সন্তানৰ সৈতে মাতৃয়ে জাপ দিয়ে ৰেলৰ আগত।

    লক্ষ্ণৌৰ বলদা কলনিৰ বাসিন্দা মধু গুপ্তা নামৰ মহিলাগৰাকীয়ে শুকুৰবাৰে ফাতিমা চিকিৎসালয়ৰ ওচৰত দুই পুত্ৰৰ সৈতে ৰেলৰ সন্মুখত জঁপিয়াই পৰে। মধু আৰু আঢ়ৈ বছৰীয়া আমিষৰ ঘটনাস্থলীত মৃত্যু হয়, আনহাতে আঠ বছৰীয়া আন্য কিছু সময়ৰ পিছত ট্ৰমা চেণ্টাৰত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।

    আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছিল যে আত্মহত্যাটো এটা পাৰিবাৰিক বিবাদত সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, পুৱা প্ৰায় ৭.৩০ মান বজাত ডাঘৰ পুত্ৰক বিদ্যালয়ত থোৱাৰ বাবে সৰু পুত্ৰক লগত লৈ তিনিও একেলগে ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু বিদ্যালয় যাব এৰি ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত থকা ফাতিমা চিকিৎসালয়ৰ ওচৰৰ ৰেলৱে ক্ৰছিংত উপস্থিত হৈ দুই শিশু সৈতে ৰেলত আগত জঁপিয়াই পৰিছিল।

    যি দেখি ঘটনাস্থলীত থকা লোক সকলে হাহাকাৰ কৰি উঠে। ৰেল খনৰো পাইলটে ৰেলখন ৰখাই দিয়ে। কিন্তু ঘটনাস্থলী পোৱালৈ মাতৃ আৰু সৰু পুত্ৰৰ মৃত্যু হয়। আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডাঘৰ পুত্ৰক তাত উপস্থিত থকা লোকে বাইকেৰে লৈ হাস্পতাললৈ লৈ যায়।

    কিন্তু চিকিৎসাৰ সময়তে মৃত্যু হয় ডাঙৰ সন্তানৰো। ভাৰপ্ৰাপ্ত পৰিদৰ্শকে সদৰি কৰা মতে, মধুৱে নিজৰ ম’বাইল, পাৰ্চ আৰু ডাঙৰ পুত্ৰৰ স্কুলৰ বেগটো ঘৰতে থৈ গৈছিল।

    পাছত আৰক্ষীয়ে স্বামীক জেৰা কৰোতে জানিব পাৰে যে, পত্নীয়ে সন্তানৰ সৈতে ঘৰ এৰাৰ সমত তেওঁ ঘৰত নাছিল। পুৱা ৬ বজাতে কৰ্মস্থলীলৈ বুলি ওলাই গৈছিল। তাৰ বিপৰীতে শাহুৱেকক কোঠাৰ ভিতৰত থকা অৱস্থাতে বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈ গৈছিল।

    লগতে ইয়াকো জনাই যে, বিগত এটা মাহ ধৰি স্বামী-স্ত্ৰীৰ মাজত মনোমালিন্য হৈ আছিল। যাৰ বাবে স্বামীয়ে ঘৰত খাদ্য গ্ৰহনো কৰা নাছিল। আৰক্ষীৰ প্ৰাথমিত তদন্ত মধুৰ মুম্বাইত থকা এক ভাতৃৰ বিষয়ে জানিব পৰা গৈছে। সেই ভাতৃয়ে এইদৰে আত্মহত্যাত উদগনি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে মধুৰ স্বামীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং