
নগাঁও জিলাৰ ডবকাৰ ভেলৌগুৰিত আজি পুৱতি নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা। ভেলৌগুৰি আদৰ্শ গাঁৱত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এটি বাসগৃহ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হয়।
জীৱন্তে অগ্নিদগ্ধ ৭০ বছৰীয়া মহিলাগৰাকী সৰুমাই বৰা বুলি চিনাক্ত কৰা হৈছে।
জুই লগাৰ সময়ত বৃদ্ধা মহিলাগৰাকী ঘৰত অকলে আছিল৷ মহিলা গৰাকীৰ লগত সৰু পু্ত্ৰ আছিল যদিও জুই লগাৰ সময়ত তেওঁ প্ৰাতঃভ্ৰমণৰ বাবে ওলায় গৈছিল৷
বৃদ্ধা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহিছিল যদিও বৃদ্ধা গৰাকীক বচাবলৈ সক্ষম নহ’ল।
পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলত উপস্থিত হৈ জুই নমুৱাবলৈ সক্ষম হয়।
জুই লগাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
ইনপুট : শহিদুল আলম