
গুৱাহাটীৰ ৰাজপথত এগৰাকী বিধৱা মহিলাক বিবস্ত্ৰ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ…
উত্তৰ গুৱাহাটীৰ ৰাজহুৱা স্থানত মহিলাৰ শালীনতা হানি।
ৰাজপথত বিবস্ত্ৰ কৰি গুৰুলা গুৰুলকৈ পিটন এগৰাকী বিধৱা মহিলাক ।
উত্তৰ গুৱাহাটী মনিকৰ্নেশ্বৰৰ ব্ৰজেন দাস নামৰ যুৱক এজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা মহিলা গৰাকীৰ পিতৃয়ে ।
অভিযোগ অনুসৰি এই ঘটনা সন্দৰ্ভত জড়িত আছে ব্ৰজেন দাস ।
মহিলা গৰাকীৰ পিতৃ উত্তম দাস আৰু অভিযুক্ত ব্ৰজেন দাসৰ মাজত হৈছিল ব্যক্তিগত সংঘাত।
ব্ৰজেন দাসে মহিলা গৰাকীৰ পিতৃক ২০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ।
ইয়াক লৈয়ে এই আক্ৰমণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী থানাত ভুক্তভোগী বিধবা মহিলাৰ পিতৃয়ে দাখিল কৰিছে এজেহাৰ ।
আৰু পঢ়ক : ছাল শোতোৰা পৰা চুলি সৰি যোৱা, ১৮ বছৰ বয়সতে ১৪৪ বছৰীয়া যুৱতী