
বজাৰৰ মাজ মজিয়াতে মহিলাক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ ! আক্ৰমণত নিহত মহিলা
বিহাৰৰ ভাগলপুৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াত এগৰাকী মহিলাক বজাৰৰ মাজতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হয়।তথ্য অনুসৰি,শনিবাৰে মহিলাগৰাকী পিৰপাণ্টি মাৰ্কেটলৈ গৈছিল।
বজাৰত চাকিল মিয়ান নামৰ অভিযুক্তজনে এখন দলঙৰ ওচৰত মহিলাগৰাকীক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে।চাকিলে চোকা অস্ত্ৰৰে মহিলাগৰাকীৰ স্তন, হাত, ভৰি আৰু কাণত চুৰি মাৰিছিল।
মানুহে ঘটনাটো কিবা বুজি পোৱালৈকে,তেওঁ মহিলাগৰাকীক আক্ৰমণ কৰি তাৰ পৰা ঘটনাটোৰ পিছত, আৰক্ষীয়ে সোধা-পোছাৰ বাবে ৫ জন লোকক আটক কৰিছে।অৱশ্যে মুখ্য অপৰাধী চাকিল এতিয়াও পলাতক অৱস্থাত আছে।ঘটনাটোৰ পিছত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা মহিলাগৰাকীয়ে সহায়ৰ বাবে চিঞৰি থাকিল।
কিন্তু মানুহ আহি পোৱালৈকে তেওঁ অচেতন হৈ পৰিছিল।তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। ঘটনাটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। ঘটনাটোক লৈ আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে।