
ধোঁৱাচাঙত চৰকাৰৰ শূন্য সহনশীল নীতি। চৰকাৰক অংগুষ্ঠ দেখুৱায় ৰাজ্যখনৰ স্বাস্থ্য বিভাগাত চলি আছে চৰম দুৰ্নীতি। এইবাৰ দুৰ্নীতিৰ অভিযোগ উঠিছে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসা মহাবিদ্যালয়খনৰ চাৰ্জিকেল বিভাগৰ ডাক্তৰ কৈলাশ ঠাকুৰীয়াৰ বিৰুদ্ধে এই অভিযোগ। অভিযোগ অপেৰেচনৰ নামত উৎকোচ গ্ৰহণৰ।

বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰ কৈলাশ ঠাকুৰীয়া। পিছে ডাক্তৰ ছাৰে টকা নাপালে নকৰে অপেৰেচন। ছাৰক লাগে ন্যূনতম পাঁচ হেজাৰ টকা। ছাৰে আকৌ ২৪ ঘন্টাকৈ হেনো কৰিব নোৱাৰে ডিউটিও। ডাক্তৰ কৈলাশ ঠাকুৰীয়াৰ নিজৰ ভাষ্য, “কিবা দিলে মই ল’ম। মিনিমাম পাঁচ হেজাৰ লাগিব ।”
বৰপেটাৰ ৰুবিয়া খাতুন নামৰ মহিলা এগৰাকীৰ গোল্ডব্লাডাৰৰ অপেৰেচনৰ বাবে চাৰৰ সহায় বিচাৰিছিল আত্মীয় লোকে। পিছে ছাৰক টকা লাগিবই, নহলে নহয় অপেৰেচন। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগতে ঘটিল এনে ঘটনা।
Photo Credit: @maidulislam