27 C
Guwahati
Monday, December 6, 2021
More

    আমাৰ ৯ জন সৈনিক নিহত হ’ল আৰু আপুনি টি-২০ খেলিব নেকি? মোদীক প্ৰশ্ন আছাদুদ্দিনৰ

    আমাৰ ৯ জন সৈনিক নিহত হ’ল আৰু আপুনি টি-২০ খেলিব নেকি? মোদীক প্ৰশ্ন আছাদুদ্দিনৰ

    ইন্ধনৰ বৰ্ধিত মূল্য আৰু ভাৰতৰ মাটিত চীনৰ বেদখল’ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেচিয়ে অভিযোগ কৰে যে মোদীয়ে চীনৰ কথা ক’বলৈ ভয় কৰে।

    হায়দৰাবাদৰ সাংসদজনে কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিফলতাৰ বাবেই কাশ্মীৰত নাগৰিকসকলক নৃশংসভাৱে হত্যা কৰা হৈছে।

    সোমবাৰে নিশা ওৱেচিয়ে এখন ৰাজহুৱা সভাত ভাষণ দি কয়, ‘প্ৰধানমন্ত্ৰীয়ে দুটা বিষয়ত একো কথা নকয়- পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি আৰু চীনা সৈন্যৰ দেশত প্ৰৱেশৰ বিষয় সম্পৰ্কত একো নামাতে। দ্ৰুতগতিত মূল্যবৃদ্ধি হোৱাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে একো কোৱা নাই’।

    ওৱেচিয়ে লগতে কয়, ‘আৰু এতিয়া চীনে দেশত প্ৰৱেশ কৰি আৰু ভিতৰত বহি আছে। যেতিয়া পাকিস্তানে পুলৱামাত আক্ৰমণ কৰিছিল, মোদীয়ে কৈছিল যে তেওঁ “ঘৰত সোমাই হত্যা কৰিব” কিন্তু এতিয়া চীনে ভাৰতত প্ৰৱেশ কৰিছে আৰু বহি আছে, তেওঁ একো কৰা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চীনৰ বিষয়ে কথা পাতিবলৈ ভয় কৰে’।

    ওৱেচিয়ে আৰু কয়, ‘মোদীজী… আমাৰ নজন সৈনিক নিহত হৈছে আৰু আপুনি টি-২০ খেলিব নেকি? পাকিস্তানে কাশ্মীৰত ভাৰতীয়সকলৰ জীৱনৰ সৈতে টি-২০ খেলি আছে। আইবি (ইণ্টেলিজেঞ্চ ব্যুৰো) আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কি কৰি আছে। কাশ্মীৰত চোৰাংচোৱা বিভাগে কি কৰি আছে?’

    উল্লেখ্য যে অহা ২৪ অক্টোবৰত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত মুখামুখি হ’ব। এই মেচখনক লৈ বহু দল-সংগঠন তথা নেতাই আপত্তি দৰ্শাই আছে যে ভাৰতৰ ৯ জন সৈনিকক মৃত্যুমুখলৈ ঠেলি দিয়া পাকিস্তানৰ লগত মেচ খেলিব নালাগে।

    আৰু পঢ়ক : কাৰ বিৰুদ্ধে ৫০ কোটি টকাৰ মানহানিৰ গোচৰ শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং