বনৰীয়া হাতীৰ তাণ্ডব; হাতীৰ গচকত থিতাতে নিহত ১গৰাকী ব্যক্তি

0
55

বনৰীয়া হাতীৰ তাণ্ডব; হাতীৰ গচকত থিতাতে নিহত ১গৰাকী ব্যক্তি

হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী আকাশীগংগা হালধিআটিত আজি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্য়ু হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱা ঘটনাই এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত৷

ডবকা আঞ্চলিক বন বিষয়়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আকাশীগংগা  টঙীয়া গাৱত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা মহিলা গৰাকীৰ নাম চুকুমনি গৌড় বুলি জানিব পৰা গৈছে ৷ হাতীৰ জাকটোৱে ডবকা সংৰক্ষিত বনাঞ্চলত কালি সন্ধিয়া প্ৰৱেশ কৰিছিল বুলি একাংশ লোকে উল্লেখ কৰে, নিশা কাষতে থকা টঙীয়া গাওঁখনলৈ যায় জাকটোৱে৷

নিশা প্ৰায় দহ মান বজাত চুকুমনি গৌড় নামৰ মহিলা গৰাকীয়ে আন এগৰাকী সহযোগীৰ সৈতে হালধীআটীৰ পৰা বজাৰ কৰি  নিজ গৃহ অভিমুখে গৈ থাকোতেই বন্যহস্তীৰ জাকটোৰ মুখামুখি হয় আৰু তেতিয়াই এগৰাকী মহিলা পলায় সাৰে যদিও চুকুমনি গৌড় নামৰ মহিলাগৰাকীৰ হাতীয়ে গচকত  মৃত্য়ু হয় ৷

ইয়াৰ উপৰিও গাওঁখনত প্ৰৱেশ কৰিয়েই হাতীৰ জাকটোৱে খাদ্য শস্য খাই তহিলং কৰাৰ লগতে তাণ্ডব চলায় ৷ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় বনবিভাগৰ দল আৰু আৰক্ষীৰ লোক ৷ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ যোৱা কিছুদিন ধৰি প্ৰতি নিশাই বন্যহস্তীৰ জাকে গাঁওখনত তাণ্ডব চলোৱাৰ কথা জানিবলৈ দিছে  স্থানীয় ৰাইজে৷