32 C
Guwahati
Wednesday, October 5, 2022
More

    ৰাণী বেলগুৰী বনাঞ্চলত ক্ষত-বিক্ষত অৱস্থাত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ

    পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বেলগুৰী বনাঞ্চলত মৃত অৱস্থাত এটা বনৰীয়া হাতী উদ্ধাৰ হয়।

    শনিবাৰে ৰাতিপুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে মাইকী বনৰীয়া হাতীটোৰ মৃতদেহ। তিনিদিনমান পূৰ্বেই চোৰাং চিকাৰীয়ে বনৰীয়া হাতীটোক গুলীয়াই হত্যা কৰি শুৰ, মাংস কাটি লৈ যোৱাৰ দৃশ্য স্পষ্ট হৈ আছে।

    দুয়োখন ৰাজ্যৰ বন বিভাগ আৰু আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

    চোৰাং চিকাৰীয়ে এনেদৰে বনৰীয়া হাতীক হত্যা কৰি শুৰ, মাংস কাটি নিয়াত সম্প্ৰতি অঞ্চলবাসীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

    একমাত্ৰ বন বিভাগৰ হেমাহিৰ বাবেই এনেকুৱা ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে।

    অসম-মেঘালয় সীমান্তৱৰ্তী উক্ত অঞ্চলত বিগত বহুদিন ধৰি বনৰীয়া জীৱ-জন্তুক চোৰাং চিকাৰীয়ে চিকাৰ কৰি অহাৰ কথা প্ৰকাশ কৰিছে স্থানীয় লোকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং