
মৰিয়নিত ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু! ৰে’ল চালকে পালন কৰা নাছিল নিদিষ্ট গতিবেগ…
মৰিয়নিত পুনৰ ৰে’লৰ খুন্দাত বন্যহস্তীৰ কৰুণ মৃত্যু সংঘটিত হয়। ৰে’ল চালকে পালন কৰা নাছিল নিদিষ্ট গতিবেগ AV মৰিয়নীত পুনৰ দ্ৰুত বেগী ৰে’লৰ খুন্দাত প্ৰাণ গ’ল বন্য হস্তীৰ।
গিৱন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে’ল পথৰ ৩৭৫৩ নম্বৰৰ খুটাৰ সমীপত সংঘটিত হৈছে এই কৰুণ ঘটনা।
গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই যোৱা বন্য হস্তীৰ জাকটোৱে ৰে’ল পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰা সময়তে নিশা প্ৰায় ১০.৪৫ বজাত ১৫৯৬০ নম্বৰৰ নামনি মুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় বন্যহস্তীটোৰ।
প্ৰায় ৬-৭ বছৰীয়া বন্যহস্তীটোক দ্ৰুত বেগী ৰে’ল খনে প্ৰায় ৫০ মিটাৰ চোঁচৰাই নিয়ে। ৰে’ল বিভাগৰ চৰম গাফিলতিৰ বাবেই বন্যহস্তীটোৱে মৃত্যুক আকোঁৱালী লোৱাৰ অভিযোগ উত্থাপন হৈছে।
ৰে’ল পথছোৱাত বন্যহস্তীৰ অৱস্থানৰ বিষয়ে ৭.৪৫ বজাত বন বিভাগৰ হস্তী কৰিডৰত কৰ্তব্যত নিয়োজিত বন কৰ্মীয়ে ৰে’ল বিভাগৰ নিয়ন্ত্ৰণ কক্ষক অৱগত কৰিছিল।ইয়াৰ পাছতো কামৰূপ এক্সপ্ৰেছ খনৰ লক’ পাইলটে গতি বেগ নিয়ন্ত্ৰণ নকৰা ফলতে পুনৰ এটা বন্য হস্তীয়ে মৃত্যুক আকোৱালী ল’ব লগীয়া হয়।
উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত স্থানত বন্য হস্তীৰ কেইবাটাও কৰিডৰ থকা লগতে উক্ত স্থানতে পূৰ্বে ৪ টা বন্যহস্তী দ্ৰুত বেগী ৰে’লৰ খুন্দাত মৃত্যুক আকোঁৱালী লৈছিল।
যোৱা বছৰৰ অক্টোবৰ ৯ তাৰিখে নিশাও তিনিটাকৈ বন্যহস্তী দ্ৰুত বেগী ৰে’লৰ খুন্দাত কৰুণ মৃত্যু হৈছিল।
মনকৰিবলগীয়া যে, গিৱন অভয়াৰণ্য মাজেৰে ৰে’লৰ গতিবেগ ৩০ কিলমিটাৰ নিদিষ্ট কৰা আছে যদিও ৰে’ল বিভাগৰ লক পাইলটে এই নিৰ্দেশ পালন নকৰা বাবেই অভয়াৰণ্য মাজেৰে যোৱা ৰে’ল পথ ছোৱা বন্যহস্তীৰ বাবে মৃত্যু দূতলৈ পৰিনত হৈছে।
INPUT: Juntu Tanti