26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিশা শুই থকা অৱস্থাতে সন্তানসহ হাতীৰ গচকত প্ৰাণ‌ গ’ল মাতৃৰ

    গোলাঘাটৰ নুমলীগড়ৰ সমীপৰ বগীধলা চাহ বাগিচাৰ শ্ৰমিকৰ ১৪নম্বৰ লাইনত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ হাতীৰ আক্ৰমণত সন্তান সহ মহিলাৰ মৃত্যু ৷ গুৰুতৰ ভাবে আহত শিশুটিক গোলাঘাট কুশল কোৱঁৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ পিছত চিকিৎসালয়ত মৃত্যু ৷

    নুমলীগড় তথা মৰঙি মৌজাত দিনক দিনে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ দৈনিক হাতীৰ আক্ৰমণত ত্ৰাহি মধুসুদন সুৱঁৰিব লগা হৈছে মানুহে ৷

    দেওবাৰে ওৰে নিশা বনৰীয়া হাতীৰ জাকে বগীধলা চাহ বাগিচাৰ শ্ৰমিক লাইনত তাণ্ডৱ চলাই ৩টাকৈ বাসগৃহ লণ্ড ভণ্ড কৰাৰ লগতে সন্তানৰ সৈতে নিদ্ৰাৰত অবস্থাত থকা ৰীতা তাঁতী নামৰ স্বামীহীনা মহিলা গৰাকীৰ ঘৰত প্ৰবেশ কৰি মহিলা গৰাকীক হাতীয়ে গচকি আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় ৷

    আনহাতে মহিলা গৰাকীৰ লগত শুই থকা কনমানি ৮ বছৰীয়া সন্তান ৰূপম তাঁতী হাতীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় ৷ ৰূপমৰ বুকু আৰু হাতত গুৰুতৰ আঘাত পোৱাত অচেতন অবস্থাত ৰাইজে উদ্ধাৰ কৰি মুমূৰ্ষুু অবস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে শিশুটিৰ মৃত ঘোষনা কৰে ৷ বকিয়াল খণ্ড বন বিভাগ আৰু নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাবতীয় ব্যবস্থা গ্ৰহণ কৰাৰ সময়তে বনবিভাগক ক্ষুব্ধ শ্ৰমিকে উভটি ধৰাত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বন বিভাগৰ লোকসকলে কথা বিষম দেখি সেই স্থানৰ পৰা পলায়ন কৰে ৷

    আৰক্ষীয়ে মৃত মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ ইতিমধ্যেই প্ৰেৰণ কৰিছে ৷ ইয়াৰ পিছতে বগীধলা ৰ শ্ৰমিক ৰাইজে পোৰাবঙলাৰ বকিয়াল বন কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ বৰ্তমানো নিয়ন্ত্ৰনাধীন হোৱা নাই পৰিস্থিতি ৷

    ইনপুট: ৰাজীৱ কৰ্মকাৰ।

    আৰু পঢ়ক : সমগ্ৰ বিশ্বতে বছৰত এসপ্তাহ লকডাউন দিয়াৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং