‘মই বোৰ্খা নিপিন্ধো’- সেয়াই আছিল পত্নীৰ অপৰাধ, স্বামীয়ে ৰেপি পেলালে ডিঙি

0
266
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

‘মই বোৰ্খা নিপিন্ধো’- সেয়াই আছিল পত্নীৰ অপৰাধ, স্বামীয়ে ৰেপি পেলালে ডিঙি

ৰূপালী আৰু ইকবাল, প্ৰেম বিবাহ কৰি সুখেৰে সংসাৰ আৰম্ভ কৰিছিল। ৰূপালী আছিল হিন্দু ইকবাল আছিল মুছলমান সম্প্ৰদায়ৰ। কিন্তু দুয়োৰে মনত নাছিল কোনো ভেদা-ভেদ। প্ৰেম বিবাহৰ ফল স্বৰূপে এটা ল’ৰা সন্তানো আছিল ইকবাল-ৰূপালীৰ।

কিন্তু এই প্ৰেম বিবাহৰ পাছতো ইকবালে ডিঙি ৰেপি হত্যা কৰে পত্নী ৰূপালীৰ। মুম্বাইত সংঘটিত হৈছে এই ঘটনা। পত্নী ৰূপালীয়ে বোৰ্খা পিন্ধিবলৈ অপৰাগ হৈছিল।

ইকবাল মাহমুদ শ্বেইখে পত্নী ৰূপালীক ডিঙি কাটি হত্যা কৰিছিল কাৰণ ৰূপালীয়ে মুছলমান ৰীতি-নীতি অনুসৰণ কৰা নাছিল আৰু বোৰ্খা পিন্ধা নাছিল।

ৰূপালীৰ ইকবালৰ সৈতেতিনি বছৰ পূৰ্বে আন্তঃধৰ্মীয় বিবাহ হৈছিল, কিন্তু বিবাহৰ পাছৰে পৰা ইকবালৰ বলপূৰ্বক ধৰ্মান্তকৰণত অতিষ্ঠ হৈ পৰিছিল আৰু বিবাহ বিচ্ছেদ বিচাৰি আছিল।

শেষত ৰূপালীয়ে কঠোৰ ভাৱে কৈ দিছিল বোৰ্খা নিপিন্ধাৰ কথা। সেয়ে বিবাহ বিচ্ছেদৰ পূৰ্বেই স্বামী ইকবালে নিৰ্মমভাৱে হত্যা কৰি পত্নীৰ।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ইকবাল শ্বেখে সোমবাৰে নিশা পত্নী ৰূপালীক চুৰিৰে আঘাত কৰে। ঘটনাটো মুম্বাইৰ চেম্বুৰ অঞ্চলত সংঘটিত হৈছিল। মুম্বাই আৰক্ষীয়ে অভিযুক্ত ইকবালক গ্ৰেপ্তাৰ কৰিছে।