বীমাকৰণৰ ১৫ লাখ টকাৰ বাবেই স্বামীক হত্য়া পত্নীৰ…
অমৃতসৰৰ তৰসিক্কাত সংঘটিত হৈছে এক নৃশংস হত্য়াকাণ্ড। ১৫ লাখ টকাৰ বাবেই পত্নীয়ে হত্য়া কৰিলে স্বামীক।
মৃত যুৱক জনৰ নাম মঞ্জীত সিং।
জানিবলৈ পোৱা মতে,মৃত মঞ্জীত সিংৰ আৰ্থিক অৱস্থা সূচল নোহোৱাৰ লগতে বহু দিন ধৰি বেমাৰ হৈ আছিল মঞ্জীতৰ।
মৃত মঞ্জীতৰ পত্নী এগৰাকী এলআইচিৰ এজেণ্ট আছিল । সেয়েহে তেওঁ স্বামীৰ নামত ১৫ লাখ টকাৰ বীমা কৰায়।
আৰু বীমা কৰাৰ পিছতে তেওঁ মঞ্জীতক হত্য়া কৰাৰ পৰিকল্পনা কৰে।
সেই পৰিকল্পনা অনুসৰি মহিলা গৰাকীয়ে হাস্পতাললৈ যোৱাৰ পথতে স্বামীক হত্য়া কৰে।
আৰু আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে সমগ্ৰ ঘটনাক ডকাইটিৰ ৰূপ দিয়ে মহিলা গৰাকীয়ে।
লগতে তেওঁ স্বামীক হত্য়া কৰি নিজেই নিজক আঘাতপাপ্ত কৰে। কিন্তু আৰক্ষীৰ জেৰাত হত্য়াকাণ্ডৰ সকলো তথ্য় পোহৰলৈ আহে।