
নৃশংস! ২ সন্তানসহ পত্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰি পুতি থ’লে ঘৰৰ চৌহদত, উঁৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ…
মধ্য প্ৰদেশত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা৷ মধ্য প্ৰদেশ আৰক্ষীয়ে দেওবাৰে বিন্ধ্যৱাশিনী আম্প্ৰাপালি কলনিৰ এটা ঘৰৰ পিছফালৰ পৰা তিনিটা উঁৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে৷
জানিব পৰা অনুসৰি, এগৰাকী মহিলা আৰু দুই সন্তানক দুমাহ পূৰ্বেয়ে স্বামীয়ে হত্যা কৰি নিজ ঘৰৰ চৌহদতেই সমাধিস্থ কৰিছিল৷ সঘনাই ঘৰুৱা বিবাদ হোৱাৰ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে আৰক্ষীয়ে৷
ঘটনাৰ বিৱৰণী অনুসৰি চনু তলৱাৰে নামৰ এগৰাকী ব্যক্তিয়ে প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ কৰাৰ পিছত দ্বিতীয় পত্নীৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল৷ তাৰ পিছৰে পৰাই দুয়োৰে মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল৷
দম্পতীটোৰ দুটা সন্তানো আছিল কিন্তু যোৱা দুমাহ ধৰি মহিলাগৰাকী আৰু দুই সন্তান ঘৰত নেদেখি ওচৰ চুবুৰীয়া লোকে আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে৷
খবৰ পোৱাৰ মাত্ৰকে স্থানীয় আৰক্ষীয়ে চনুৰ বাসগৃহত উপস্থিত হৈ সোধা পোছা কৰে৷ ৰটলামৰ আৰক্ষী অধীক্ষকে ঘটনা সন্দৰ্ভত কয় যে, চনুৱে ঠাণ্ডা মগজুৰে নিজ পত্নী আৰু দুই সন্তানক হত্যা কৰিছে৷
সঘনাই কাজিয়া হোৱাৰ ফলত অতিষ্ঠ হৈ চনুৱে পত্নীসহ সন্তান দুটিক হত্যা কৰি ঘৰৰ পিছফালে সমাধিস্থ কৰে৷ চনুক এই জঘন্য ঘটনা সংঘটিত কৰাত তিনি বন্ধুৱে সহায় কৰিছিল৷
হত্যা কৰাৰ পিছত তিনি বন্ধুৰ সহযোগত চনুৱে মৃতদেহকেইটা গাঁত খান্দি পুতি থৈছিল৷ চনুৱে হত্যা কৰাৰ কথা স্বীকাৰ কৰি কয় যে, তিনিওকে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল চনুৱে৷