
নৃশংস হত্যাকাণ্ড ! স্বামীক হত্যা কৰি শুৱা কোঠাতে থ’লে পুতি , মৃতদেহৰ ওপৰতে নৈশ যাপন পত্নীৰ
উত্তৰ প্ৰদেশৰ কানপুৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। ইয়াত এগৰাকী মহিলাই তেওঁৰ স্বামীক নিৰ্মমভাৱে হত্যা কৰিছিল। চহৰখনৰ বিধানু অঞ্চলৰ চুৰাউলি গাঁৱৰ বাসিন্দা মনিকাই উমেশ যাদৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। উমেশ সুৰাৰ প্ৰতি আসক্ত আছিল।
এই বিষয়কে লৈ দুয়োৰে মাজত প্ৰায়ে বিবাদ হৈছিল। বুধবাৰে নিশা কোনো কথাক লৈ দুয়োৰে মাজত বিবাদ হৈছিল। ইয়াৰ ফলত মনিকাৰ ইমানেই খং উঠিছিল যে তেওঁ উমেশ শুই থকাৰ সময়ত ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত ঘটনাটো লুকুৱাবলৈ তেওঁ স্বামীৰ মৃতদেহটো ঘৰৰ ভিতৰতে সমাধিস্থ কৰিছিল।
যেতিয়া পৰিয়ালৰ লোকে ৰাতিপুৱা উমেশক দেখা নাপাই তেওঁলোকে মনিকাক সুধিলে।কিন্তু তেওঁ একো উত্তৰ নিদিয়াত সন্দেহৰ ভিত্তিত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তেওঁক সোধা-পোছা কৰিছিল।আৰক্ষীক জেৰাত মনিকাই স্বামী উমেশক হত্যা কৰাৰ কথা কয়।পিছত কোঠাৰ ভিতৰত পুতি থোৱা অৱস্থাত উমেশৰ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে মনিকা যাদৱক তেওঁৰ স্বামীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।