35 C
Guwahati
Wednesday, October 13, 2021
More

    প্ৰেমিকৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰি টুকুৰা-টুকুৰ কৰে মহিলাই, পিছত…

    প্ৰেমিকৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰি টুকুৰা-টুকুৰ কৰে মহিলাই, পিছত…

    দেশত দিনক দিনে বৃদ্ধি পাই আহিছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে বিহাৰৰ মুজাফ্ফাৰ নগৰৰ পৰা আন এক নৃশংস ঘটনা পোহৰলৈ আহিছে।

    ঘটনাৰ বিৱৰণী অনুসৰি পত্নীয়ে নিজৰ প্ৰেমিক, বায়েক আৰু ভিনিয়েকৰ লগত মিলি প্ৰথমে নিজৰ স্বামীক হত্যা কৰে আৰু পিছত টুকুৰা-টুকুৰ কৰি ৰাসায়নিক পদাৰ্থৰ দ্বাৰা নষ্ট কৰাৰ চেষ্টা কৰে।

    ৩০ বছৰীয়া ৰাকেশৰ হত্যা কৰাৰ অভিযোগ উঠিছে পত্নী, প্ৰেমিক সুভাষ আৰু বায়েক ভিনিয়েকৰ বিৰুদ্ধে।মহিলা গৰাকীৰ প্ৰেমিক সুভাষে ভাড়া ঘৰত ৰাকেশৰ মৃতদেহ টুকুৰা-টুকুৰ কৰে আৰু ৰাসায়নিক পদাৰ্থৰ দ্বাৰা নষ্ট কৰিবলৈ লওঁতেই ওচৰ-চুবুৰীয়াই গম পাই আৰক্ষীক খবৰ দিয়ে।

    ইয়াৰ পিছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াই আৰু তদন্ত আৰম্ভ কৰে ।
    উল্লেখ্য যে, ৰাকেশে সুৰাৰ ব্যৱসায় কৰিছিল আৰু সুভাষো লগতে আছিল। এই কামত ৰাকেশৰ পত্নীয়ো সহায় কৰিছিল আৰু তেনেকৈয়ে সুভাষৰ লগত তেওঁৰ প্ৰেম হয়।ইয়াৰ পিছতেই তেওঁলোকে ৰাকেশক হত্যা কৰাৰ পৰিকল্পনা ৰচে।

    আৰু পঢ়ক :  ছাত্ৰক বহিব কোৱাই যেন শিক্ষকৰ অপৰাধ, ছাত্ৰই কৰিলে এই কাম, থানাত গোচৰ দিলে শিক্ষকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং