33 C
Guwahati
Monday, September 26, 2022
More

    স্বামীক হত্যা কৰি পত্নীয়ে ঘৰৰ ভিতৰতে পুতি থয় মৃতদেহ, দুৰ্গন্ধ ওলোৱাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা

    স্বামীক হত্যা কৰি পত্নীয়ে ঘৰৰ ভিতৰতে পুতি থয় মৃতদেহ, দুৰ্গন্ধ ওলোৱাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা

    এক অতিকে চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। পত্নীয়ে হত্যা কৰে স্বামীৰ। স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুথি থয় মৃতদেহ।

    হত্যাৰ ৪ দিনৰ পাছত যেতিয়া মৃতদেহৰ পৰা দুৰ্গন্ধ ওলায় তেতিয়াহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ
    ত সংঘটিত হৈছে এই ঘটনা।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, প্ৰায় ৪ দিন পূৰ্বে নিশাৰ ভাগত সংঘটিত হৈছিল এই ঘটনা। কোনো কথাক লৈ স্বামী-স্ত্ৰীৰ মাজত হোৱা বিবাদৰ বাবেই স্বামী গোবিন্দ সিঙক হত্যা কৰে পত্নীয়ে।

    হত্যাৰ পাছত, পত্নী শিল্পী সিঙে আৰক্ষীৰ ভয়ত মৃতদেহটো ঘৰৰ ভিতৰতে শোৱনি কোঠাত সমাধিস্থ কৰি থয়। কিন্তু ৪টা দিনে ধৰি লোকগৰাকীৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে আৰু আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোক।

    তাতে আৰু ঘৰৰ ভিতৰতে মজিয়া খন্দা দেখা পাই কিছু সন্দেহ উপজে পৰিয়ালৰ লোকৰ। সেয়ে আৰক্ষীৰ সহযোগত সেই স্থানতে খনন কৰোতে সন্ধানহীন ব্যক্তিৰ মৃতদেহ ওলাই পৰে। যি ঘটনাই সমগ্ৰ অঞ্চলটোতে এক আলোড়নৰ সৃষ্টি কৰে।

    আৰক্ষীয়ে পৰিয়ালটোৰ অভিযোগৰ ভিত্তিতে অভিযুক্ত পত্নীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি আটক কৰে। আনহাতে মৃতদেহটো উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    আৰক্ষীৰ জেৰাত হত্যাকাৰী পত্নীয়ে কয় যে, তেওঁ স্বামীক হত্যা কৰা নাই। ঘটনাৰ দিনা অত্যধিক সুৰাপান কৰি আহিছিল স্বামীয়ে। কোনো কথাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়।

    শেষত পত্নীক মাৰধৰে কৰে স্বামীয়ে আৰু নিচাগ্ৰস্থ অৱস্থাতেই নিজেই আত্মহত্যা কৰে। সেয়ে ভয়তে পত্নীয়ে ঘৰৰ ভিতৰতে গাঁত খান্দি পুতি থয়।

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ সন্দেহ পত্নীয়েই হত্যা কৰিছে স্বামীৰ। তথাপি মৰণোত্তৰ পৰীক্ষাৰ ফলাফললৈ বাট চাইছে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে পৰিস্থিতি স্পষ্ট হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং