26 C
Guwahati
Tuesday, September 27, 2022
More

    নৃশংস! চামগুৰিত স্বামীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে পত্নীয়ে

    নগাঁও চামগুৰিৰ লাওখোৱা চাপৰিৰ ৭ নং ভগামুখত সংঘটিত হৈছে এক লোমহৰ্ষকক হত্যাকাণ্ড। স্বামীয়ে দাৰে নিজৰ পত্নীক হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    ঘাতক স্বামী আলাল উদ্দীনে দাৰে ডিঙি ৰেপি হত্যা কৰে পত্নী ফৰিদা খাতুনক। পুৱাই সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। তিনি সন্তানৰ মাতৃ আছিল ফৰিদা খাতুন।

    জানিব পৰা মতে দীৰ্ঘদিনৰ পৰাই পাৰিবাৰিক কন্দল আছিল স্বামী-স্ত্রীৰ মাজত।

    পাৰিবাৰিক কন্দলৰ বাবেই দীৰ্ঘদিনৰ পৰা পিতৃ গৃহত আছিল ফৰিদা খাতুন। কিন্তু বুধবাৰে নিজ ঘৰলৈ আনি ৰাতি স্বামী আলাল উদ্দীনে হত্যা কৰে পত্নীক।

    এই হতচ্যাকাণ্ড সংঘটিত কৰি ঘাতক স্বামীয়ে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

    ফৰিদা খাতুনৰ ডিঙি কটা অৱস্থাত চোতালত পৰি থকা দেখি স্থানীয় লোকে লাওখোৱা চাপৰি আৰক্ষীক খবৰ দিয়ে।

    পিছত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং