আৱেগিক প্ৰেম কাহিনী ! ৩ বছৰৰ দুৰত্বৰ পিছত স্বামীৰ ওচৰলৈ ঘূৰি অহাৰ দিনাই মৃত্যু হ’ল পত্নীৰ

0
16626

আৱেগিক প্ৰেম কাহিনী ! ৩ বছৰৰ দুৰত্বৰ পিছত স্বামীৰ ওচৰলৈ ঘূৰি অহাৰ দিনাই মৃত্যু হ’ল পত্নীৰ

এজন যুৱকে তেওঁলোকৰ চুবুৰীয়া এখন দেশৰ এজনী যুৱতীৰ প্ৰেমত পৰিছিল।কিছুদিনৰ পিছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিবাহৰ পিছতে এক হৃদয় বিদাৰক ঘটনা সেঘটিত হয়। যুৱতী গৰাকীৰ নাম নাম নিক।তেওঁৰ বয়স আছিল ৩০ বছৰ।নিক ৰাছিয়াৰ বাসিন্দা আছিল।আনহাতে যুৱক জনৰ নাম ওয়াঙ।

চীনত বাস কৰা ৩৮ বছৰীয়া ওয়াঙৰ সৈতে নিকে ২০১৯ চনৰ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হৈছিল। ইয়াৰ পিছত দম্পতীহালে ছেপ্টেম্বৰত নিকৰ মাকক লগ কৰিবলৈ ৰাছিয়ালৈ যায়।নিকৰ মাকক লগ পোৱাৰ পিছত ওয়াঙ সোনকালেই চীনলৈ উভতি আহিছিল।

আৰু কেইমাহমানৰ পিছতে নিকো চীনলৈ উভতি অহাৰ কথা আছিল। কিন্তু লকডাউনৰ বাবে,তেওঁলোক দুয়ো নিজ নিজ দেশত আবদ্ধ হৈ পৰিছিল। আৰু ইজনে সিজনক ৩ বছৰ ধৰি লগ কৰিব নোৱাৰিলে।অৱশেষত,এই বছৰৰ অক্টোবৰ মাহত তেওঁলোকে ইজনে সিজনক লগ পাই।

৩ বছৰ পিছত লগ হৈ দুয়ো যথেষ্ট আনন্দিত হৈছিল। তেওঁলোক দুয়োজনে লগ কৰি ঘৰলৈ গৈ আছিলে। সেই সময়তে হঠাতে নিকৰ উশাহ লোৱাত অসুবিধা হয়।ওয়াঙে লগে লগে নিকক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ গৈছিল। নিকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈছিল।

চিকিৎসকসকলে কৈছিল যে তেওঁ জীয়াই থকাৰ কোনো সম্ভাৱনা নাই। কিন্তু ওয়াঙে হাৰ মানি লোৱা নাছিল। তেওঁ পত্নী নিকক ১৫০ কিলোমিটাৰ দূৰত থকা আন এখন চিকিৎসালয়লৈ লৈ গৈছিল।কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।