গুৱাহাটীৰ এখন বিবাহ মণ্ডপ, হঠাতে দৰা- কইনাক উৰাই-ঘূৰাই কোব কিছুমান লোকৰ, তাৰ পিছত….

0
3780
প্ৰতীকি ফটো

গুৱাহাটীৰ এখন বিবাহ মণ্ডপ, হঠাতে দৰা- কইনাক উৰাই-ঘূৰাই কোব কিছুমান লোকৰ , তাৰ পিছত….

বিয়াৰ মণ্ডপত হঠাতে লাগি গ’ল হাহাকাৰ। বহু আশা, সপোন, হেপাঁহেৰে যুগ্ম জীৱনৰ আৰম্ভণি কৰাৰ মানসেৰে মণ্ডপত দুই দৰা আৰু কইনা। কিন্তু তেনেতে লাগি গ’ল অথন্তৰ। দৰা কইনাক আগুৰি ধৰি কিছুমান মানুহে দিলে উৰাই ঘূৰাই কোব ।

দৰাক টানি আজুৰি আনি কোব দিলে বহুতে। ৰক্ষা নাপালে কইনায়ো। গুৱাহাটীৰ সিজুবাৰীৰ দৰা, হাজোৰ কইনা। কিন্তু…বিয়াৰ সময়তে হঠাতে আহি ওলাল দৰাৰূপী অছৰফ হুছেইন খানৰ প্ৰথমা পত্নী।

প্ৰথমা পত্নীয়ে আহিয়ে লগাই দিলে হাহাকাৰ। মহিলাগৰাকীৰ অভিযোগ, ২০১৭ চনৰ ২৮ এপ্ৰিলত সিজুবাৰীৰ অছৰফৰ সৈতে বিবাহ হৈছিল বৰপেটাৰ মহিলাগৰাকীৰ। কিন্তু বিবাহৰ পিছৰে পৰা টকা দাবী কৰি প্ৰায়ে নিৰ্যাতন চলাইছিল।

পিছত কোনো কামৰ বাবে জাৰ্মানী গৈ তাৰ পিছৰে পৰা পত্নীৰ সৈতে সম্পৰ্ক কিছু এৰাই চলিছিল স্বামীয়ে। আৰু শেষত দ্বিতীয় বিবাহ। দ্বিতীয় বিবাহৰ দিনাই বিবাহ সম্পৰ্কে খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় প্ৰথমা পত্নী।

প্ৰথমাপত্নীৰ অভিযোগৰ পিছতে কিছু লোকে উত্তম মধ্যম শোধাই দৰাৰ সাজত থকা অছৰফ হুছেইন খানক। কইনাকো কৰে টনা-আজোৰা।

আৰু পঢ়ক : পুৰণি পেঞ্চন নীতি বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো এনপিএছ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্য্যসূচী