পত্নীৰ লগতে পুত্ৰ-কন্যাকো হত্যা কৰি এচিডেৰে মুখ জ্বলাই নদীত পেলাই দিলে মৃতদেহ

0
11670

পত্নীৰ লগতে পুত্ৰ-কন্যাকো হত্যা কৰি এচিডেৰে মুখ জ্বলাই নদীত পেলাই দিলে মৃতদেহ

এক অতিয়ে গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী পিতৃয়ে অতি নিৰ্দয়তাৰে পত্নীৰ লগতে নিজৰেই দুই কনমানি সন্তানকো হত্যা কৰি পেলাই দিয়ে মৃতদেহ।

কেৱল সেয়াই নহয় মৃতদেহ যাতে কোনেও ধৰিব নোৱাৰে তাৰ বাবে তিনিওটা মৃতদেহৰে চেহেৰাও এচিডেৰে জ্বলাই দিয়ে পাষাণ লোকগৰাকীয়ে। এই হত্যাকাণ্ড সংঘটিত হৈছে বিহাৰৰ মুজফ্ফৰপুৰত।

যৌতুকৰ বাবে দাবী কৰা ২ লাখ টকা নিদিয়াৰ বাবেই এজন লোকে তেওঁৰ পত্নী আৰু দুই সন্তানক হত্যা কৰে। হত্যাৰ পিছত, তিনিওজনৰ মুখবোৰ এচিডেৰে জ্বলাই দিয়ে।

মৃত মহিলাগৰাকীৰ মাতৃ পৰিয়ালে অভিযোগ কৰা অনুসৰি, জোঁৱাইয়ে প্ৰায়ে কন্যাক ২ লাখ টকাৰ বাবে হাৰাশাস্তি কৰিছিল। আনকি শাৰীৰিকভাৱে প্ৰহাৰো কৰিছিল প্ৰায়ে।

তিনিওজনৰে মৃতদেহ শুকুৰবাৰে বাগমতী নামৰ নদীৰ কাষৰ এটা গাঁতত পোৱা গৈছিল। তিনিওটা মৃতদেহ চিনাক্ত কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহ কেইটা নীতু কুমাৰী (২৮), পুত্ৰ সুজিত (৬), আৰু কন্যা গংগা কুমাৰী (৪) বুলি চিনাক্ত কৰা হৈছে।

মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে জোঁৱাই দীপক শ্বাহ আৰু শহুৰেকৰ বিৰুদ্ধে কন্যা আৰু দুই নাতি-নাতিনীৰ হত্যা কৰা আৰু মৃতদেহ জ্বলাই পেলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। পাছে বৰ্তমানে ঘটনাৰ সকলো অভিযুক্ত পলাতক। আৰক্ষীয়ে সদৰি কৰা অনুসৰি, মঙলবাৰৰ পৰা সন্তানেৰে সৈতে সন্ধানহীন হৈ আছিল মহিলাগৰাকী। শুকুৰবাৰে মৃতদেহ উদ্ধাৰৰ পাছত আজি আৰম্ভ হত্যাৰ তদন্ত।