23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীয়ে হত্যা কৰিলে স্বামীৰ! গাঁত খান্দিহে উলিয়ালে মৃতদেহ

    চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীয়ে হত্যা কৰিলে স্বামীৰ! পিছত আৰক্ষীয়ে গাঁত খান্দিহে উলিয়ালে মৃতদেহ। ডিব্ৰুগড় জিলাৰ ডিমৌৰ সমীপৰ ৰংৰঙীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড।

    আৰক্ষীয়ে ডিমৌ নৈ কাষৰ এখন হাবিৰ পৰা গাঁত খান্দি উলিয়ালে মৃতদেহ। পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিতে পত্নীয়ে যুৱকৰ সৈতে মিলি স্বামীক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।

    ঘটনাৰ সন্দৰ্ভত পত্নীৰ সৈতে দুজনক আটক কৰিছে মৰাণ আৰক্ষীয়ে। মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰংৰঙীয়াৰ ডিমৌ নদীৰ কাষত সোমবাৰে নিশা গাঁতত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে গাঁত খান্দি এটা মৃতদেহ উদ্ধাৰ কৰে।

    উদ্ধাৰ কৰা মৃতদেহটো ৰংৰঙীয়াৰ দুলাল গোৱালা (৪২) ৰ বুলি স্থানীয় ৰাইজে চিনাক্ত কৰে। উল্লেখনীয় যে, পৰকীয়া প্ৰেমৰ ফলশ্ৰুতিত দুলালক পত্নী বিনা গোৱালা, একে গাঁৱৰে মুনীন মুন্ডা ওৰফে কুলা ড’নৰ সৈতে বিনা গুৱালাৰ বৰ্জনা অৰুণ গোৱালাই মিলি পৰিকল্পিত ভাবে হত্যা কৰি গাঁতত পুতি থোৱা বুলি স্থানীয় ৰাইজে মৰাণ আৰক্ষীক অভিযোগ দিয়ে।

    ইয়াৰ পাছতে মৰাণ আৰক্ষীয়ে ডিমৌ নদীৰ কাষৰ এটা গাঁতত পুতি থোৱা অৱস্থাত সোমবাৰে নিশা দুলাল গোৱালাৰ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষী উপ পৰিদৰ্শক বিমল সিং দেৰাই দণ্ডাধীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত মৃত দুলাল গোৱালাৰ পত্নী বীনা গোৱালা আৰু স্থানীয় যুৱক মুনীন মুণ্ডা ওৰফে কুলা ড’ন আৰু অৰুণ গোৱালাক আটক কৰি সোধপোচ অৱ্যাহত ৰাখিছে।

    Input And Photo Credit- Iftikar Rahman

    আৰু পঢ়ক : আজিৰে পৰা অনিৰ্দিষ্টি কাললৈ বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং