এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দুই কন্যাক টাৰ্গেট আমেৰিকাৰ, ল’লে এই সিদ্ধান্ত

0
769
এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দুই কন্যাক টাৰ্গেট আমেৰিকাৰ, ল'লে এই সিদ্ধান্ত

এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দুই কন্যাক টাৰ্গেট আমেৰিকাৰ, ল’লে এই সিদ্ধান্ত – ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়াৰ বিৰোধিতা অব্যাহত ৰাখিছে আমেৰিকাৰ লগতে অধিকাংশ ইউৰোপীয় দেশে। এই আক্ৰমণৰ বাবে এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভ্লাডিমিৰ পুটিনৰ দুই কন্যাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই।

হোৱাইট হাউছে পুটিনৰ দুই কন্যাৰ লগতে বুধবাৰে ৰাছিয়াৰ শীৰ্ষ পৰ্যায়ৰ ৰাজহুৱা আৰু ব্যক্তিগত বেংকতো নিষেধাজ্ঞা আৰোপ কৰাৰ ঘোষণা কৰিছে।

এই নতুন নিষেধাজ্ঞাত আমেৰিকাই লক্ষ্য কৰি লৈছে পুটিনৰ দুই কন্যা ক্ৰমে মাৰিয়া আৰু কেটৰিনাক।

আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘আমি বিশ্বাস কৰো যে পুটিনৰ বহুতো সম্পত্তি তেওঁৰ পৰিয়ালৰ ওচৰত লুকুৱাই ৰখা হৈছে, সেয়েহে আমি তেওঁলোকক লক্ষ্য কৰি লৈছো’।

উল্লেখ্য যে বুধবাৰে ঘোষণা কৰা নিষেধাজ্ঞাবোৰৰ ভিতৰত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভৰ কন্যা আৰু পত্নীৰ নামো অন্তৰ্ভুক্ত আছে।

ৰয়টাৰ্ছৰ বাতৰি অনুসৰি, আমেৰিকাই অনুভৱ কৰে যে ৰাজহুৱা ধন লুকুৱাই ৰখাত পুটিনক সহায় কৰে তেওঁৰ দুই কন্যাই। তেওঁলোকে কেতিয়াও ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাই যে ৰাছিয়াৰ নেতাজন তেওঁলোকৰ পিতৃ।  

ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইউক্ৰেইনৰ বুচা চহৰত ৰাছিয়াৰ সৈন্যই চলোৱা নৰসংহাৰৰ ঘটনাকো তীব্ৰ নিন্দা জনাইছে।

আৰু পঢ়ক : কাজিৰঙাত গঁড়ৰ আক্ৰমণত আঘাতপ্ৰাপ্ত বনকৰ্মী, চিকিৎসালয়ত ভৰ্তি