22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মৃত্যুতকৈ জীৱন কিয় শ্ৰেষ্ঠ!

    ডঃ নৱমী গগৈ

    দুদিনমানৰ আগৰ কথা। দুটামান ঘটনাই মোক অলপমান জোকাৰি গৈছিল। আপোনালোকো নিশ্চয় এনে ঘটনাৰ সাক্ষী হৈ ৰ’ল। তথাপি যেন তেনে ঘটনা সমূহৰ নেপথ্যৰ কিছু কথা, কাহিনী আমাৰ সকলোৰে অজ্ঞাতে হৈ থাকিলেও আমাৰ ভাৱনাবোৰৰ এক ধূসৰ ছবি মনলৈ নহাকৈ নাথাকে। নিশ্চয়কৈ এই ঘটনাৰ ছবিবোৰ আমাৰ চিৰ পৰিচিত। কিন্তু জীৱনৰ ব্যস্ততাৰ ধামখুমিয়াতে হওঁক বা আমি এৰাই চলিব বিচৰা তাড়নাৰ বাবেই হওঁক এই ঘটনাপ্ৰবাহক দেওদি আমি আগবাঢ়িছো ভৱিষ্যতলৈ।

    মৃত্যু, মৃত্যুভয় আৰু ইচ্ছামৃত্যু তিনিওটা শব্দৰ মাজত বৃহৎ পাৰ্থক্য আছে। যদিওবা স্বাভাৱিকতেই মৃত্যু আৰু ইচ্ছামৃত্যু শব্দই মানুহৰ জীৱনৰ অৱমানৰ কথাই আমাক কৈ যায়। মৃত্যু এক চিৰসত্য। জীৱ মাত্ৰেই মৃত্যু আৱশ্যম্ভাৱী। কেৱল মাত্ৰ স্বকীয়তাৰে উজ্বলি উঠা সমাজক দিকদৰ্শন কৰা চিৰনমস্য ব্যক্তিসকল যুগ যুগ ধৰি প্ৰাতঃস্মৰণীয় ব্যক্তি হৈ ৰৈছে। এনে বৰেণ্য লোকসকলৰ আত্মকথা বা জীৱনবৃত্তান্তৰ অনুধাৱনেৰে জীৱনৰ প্ৰতি অপাৰ হেঁপাহ জগাবলৈ প্ৰয়াস কৰা আৰু কিছু সু-চিন্তা, কৰ্মৰে জীৱনটোক সজাবলৈ হাবিয়াস কৰাৰ বাবেই তেওঁলোকৰ অনন্য কৰ্মৰাজী চৰ্চাৰ বিষয় হৈ আহিছে।

    মৃত্যুৰ প্ৰতি ভয় কাৰ নাথা্কে। এইহেন বিনন্দীয়া পৃথিৱীখনৰ অময়া মাধুৰীৰ সোপান আস্বাদন কৰিবলৈ পোৱাটো আমাৰ কম ভাগ্যনে! সেয়ে একেবাৰে অমূলক চিন্তা আহিলেও কেতিয়াবা আমি বিচলিত হওঁ। মনৰ উদ্বিগ্নতাত অধীৰ হৈ আমি এনে অজান ঠাইৰ পৰা উভতি আহোগৈ যেন আমি মৃত্যুহে জয় কৰিছো।

    আপোনজনৰ পৰা প্ৰতাৰিত হোৱা, বিদ্যায়তনিক দিশত আশানুৰূপ ফলাফল লাভ নকৰা, পৰিয়ালৰ তেজৰ সম্পৰ্কৰ পৰা বিচ্ছেদ হোৱা, সমাজৰ বিভিন্ন উত্থান-পতনে মনটোক ভাৰাক্ৰান্ত কৰা সকলোবোৰ দিশ অনুধাৱন কৰিও আয়কেন্দ্ৰীক হৈ নিজৰ মাজতে গুজৰি-গুমৰি গপতে গঙ্গাটোপ হৈ বহি থকা এনে এনেক কাৰণ থাকে। আৰু এনে ভাৱনাৰ মাজত থকা লোকসকল কবলৈ গ’লে মৰি মৰি জীয়াই থাকে। মৃত্যুৰ প্ৰতি থকা ভয়ে মৃত্যুৰ পাছৰ অন্তহীন গূঢ়াৰ্থই এক অনামী আখৰাযেন চলাই থাকে প্ৰতিনিয়ত।

    ইচ্ছামৃত্যু চাবলৈ গ’লে এটা শব্দ মাথোঁ। কিন্তু ইয়াৰ অৰ্থ, এই শব্দৰ অন্তৰালৰ কৰ্ম কাৰোৰে কাম্য নহয়। বহুলোকে এই শব্দটো মুখেৰে উচ্চাৰণ কৰিবলৈও ইচ্ছা প্ৰকাশ নকৰে। এই শব্দটোৰ লগত জড়িত হৈ পৰা আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি এখন ঘৰৰ পৰিয়ালৰ প্ৰত্যেকৰে মানসিক দুৰৱস্থা ইচ্ছামৃত্যুৰ ফলত অজান দেশলৈ গতি কৰা লোকজনতকৈ ভয়াৱহ হয়। প্ৰতি খোজতে মনত, দেহত এক কেঁচা ঘা কঢ়িয়াই ফুৰিবলগীয়া হোৱা লোকসকলে এই শব্দটোৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰা তেওঁলোকৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ সন্মুখীন হোৱা সময়বোৰ বৃহৎ প্ৰত্যাহ্বানৰূপে সন্মুখলৈ আহিবলৈ লয়।

    মৃত্যু আৰু মৃত্যু ভয়ে যদিওবা এক পৰ্যায়লৈকে আমাক দুখৰ দাবানলত মেৰিয়াই ৰাখে- ইচ্ছামৃত্যুৰ সাক্ষী হোৱা লোকসকলে ইয়াৰ পৰিৱৰ্তে কঢ়িয়াই ফুৰিবলগীয়া হয় দুখৰ বিননি। মনে-প্ৰাণে ভাল লগা, আপোন বুলি ভবা লোকসকলে যেতিয়া আপোনাক অজ্ঞাতেই এৰি থৈ যায়,  তেওঁ লাগিলে আপোনাৰ পৰিয়ালৰ এজনে হওঁক, আপুনি ভালপোৱা কোনোবা অভিনেতা-অভিনেত্ৰীয়ে হওঁক,আপোনাৰ ছাত্ৰ-ছাত্ৰীয়ে হওঁক, অথবা আপোনাৰ অচিনাকী হ’লেও এনে দুখবাৰ্তাই মনটোক অকণমান হ’লেও কষ্ট দিয়ে। প্ৰশ্ন হয়, কিয় মানুহৰ মনলৈ এনে ভাৱ আহে যে সকলো প্ৰিয়বস্তু, ভাল পোৱা, ভাললগাবোৰৰ তুলনাত নেদেখা নতুন একোটা কৰ্মই মানুহক ইমান আকৰ্ষিত কৰে।

    হতাশা কেতিয়াও সমস্যাৰ সমাধান নহয় আৰু কোনো কালে হবও নোৱাৰে। হতাশাক প্ৰশ্চয় দিয়াটোৱে আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। ইয়াৰ বাবে জীৱনটোৰ মহত্ব বা জীৱনৰ বিচিত্ৰতা বিচাৰি হাবাথুৰি খাই মৰুভূমিত মৰিচীকা খেদি ফুৰিবলৈ কৰা অনৰ্থক চেষ্টাৰ পৰিৱৰ্তে পুৱাৰ ৰঙীণ আভাৰে প্ৰস্ফুটিত হৈ ইতিবাচক কৰ্ম, চিন্তাৰে জীৱনৰ প্ৰতিটো দিনৰ, প্ৰতিটো পল, জাপন কৰিবলৈ বিচৰাটোৱে জীৱনৰ প্ৰাপ্তি।

    দুদিনমানৰ আগৰ ইতিবাচক ঘটনা এটা প্ৰসংগক্ৰমে ক’ব খুজিছো। সান্ধ্যভ্ৰমণ কৰি থাকোতে কভিড-১৯ৰ বাবে মুখত মাস্ক পৰিধান কৰি কিছু খালী হৈ থকা ৰাস্তাটোত যিমান পাৰো জোৰকৈয়ে খোজ দিছিলো। কাষেদি পাৰ হৈছিল দুই-এখন অচিনাকী মুখ আৰু দুই-এজন অচিনাকী চাইকেল আৰোহী। সমুখৰ পৰা আহি থকা ই-ৰিক্সা এখনত দূৰৰ পৰাই মন কৰিলোঁ- এজনী চুৰিদাৰ পৰিধান কৰা ছোৱালীয়ে চালকৰ আসনত চালকৰূপে বহি আহিছে।

    মই পাৰ হৈ যোৱাৰ লগে লগেই মাত লগালে- ‘’নৱমী বাইদেউ।’’  মই হতভম্ব হোৱাৰ পূৰ্বে আনন্দিত হ’লো। কলেজৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে তলাবন্ধৰ সময়ত নিজৰ আৰ্থিক অনাটনকো নেওঁচি ই-ৰিক্সাখন লৈ যাত্ৰীৰ সন্ধানত পথলৈ ওলাই আহিছে। এই যে সকলোধৰণৰ আওপুৰণি ভাৱ, অলাগতিয়াল ভয় বা সমালোচনাক আতৰতে ৰাখি ছোৱালীজনী পথলৈ ওলাই আহিছে- এয়াই হৈছে নিজকে ভালপোৱা সৰ্বোত্তম দৃশ্য। নিজৰ বাবে যেতিয়ালৈকে ভালপোৱা সাৰ নাপায় তেতিয়ালৈকে কামৰ সৰু-বৰ ভাগ বিতৰণতেই ব্যস্ত থাকি জীৱনৰ অশান্তিময় এচোৱা সময় পাৰ হৈ যায়।

    আত্মসন্তুষ্টি লভিবলৈ আগ্ৰহ নকৰাৰ বাবেই চাগৈ কেতিয়াবা মানুহৰ মনলৈ হতাশা আহে। নিজক বুজি, নিজৰ এটি এটি সৰু মুহূৰ্ত অনুধাৱন কৰি উদযাপন কৰিবলৈ শিকোৱা এটা কলা। প্ৰত্যেকৰে এনে ভাৱ মনলৈ নাহিলেও কিছু কথা, কাম-বনে ইতিবাচক দিশ মনলৈ কঢ়িয়াই আনে। উদিত সূৰ্যৰ হেঙুল কিৰণৰ প্ৰতি তীব্ৰ হেঁপাহে আমাৰ ভৱিষ্যতৰ দিশ নিদৰ্শন কৰে।

    (লেখক ডঃ নৱমী গগৈ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং