15 C
Guwahati
Saturday, January 22, 2022
More

    কিয় হৃদ ক্ৰিয়া বন্ধ হ’বলৈ ওলাইছিল অভিনেত্ৰী লাৰা দত্তৰ?, নিজেই ক’লে অভিনেত্ৰী গৰাকীয়ে

    কিয় হৃদ ক্ৰিয়া বন্ধ হ’বলৈ ওলাইছিল অভিনেত্ৰী লাৰা দত্তৰ?, নিজেই ক’লে অভিনেত্ৰী গৰাকীয়ে

    বলিউদৰ অভিনেত্ৰী লাৰা দত্তই তেওঁৰ চাৰিবছৰীয়া কন্যাই বিবাহ বিচ্ছেদৰ নাম মুখত উচ্ছাৰণ কৰোতে তেওঁৰ হৃদ ক্ৰিয়া বন্ধ হ’বলৈ ওলাইছিল বুলি মন্তব্য কৰে।

    লাৰা দত্তৰ স্বামী মহেশ ভূপতিয়ে তেওঁলোকৰ কন্যাক ফ্ৰেইণ্ডছ নামৰ চলচ্চিত্ৰখন চোৱাৰ সময়তে বিবাহ বিচ্ছেদ শব্দটো শিকাইছিল বুলি লাৰা দত্তই উল্লেখ কৰে।

    লাৰা দত্তৰ চাৰিবছৰীয়া কন্যাই অভিনেত্ৰী গৰাকীক বিবাহ বিচ্ছেদ কি বুলি প্ৰশ্ন কৰাৰ সময়ত লাৰা দত্তৰ প্ৰায় হৃদ ক্ৰিয়া বন্ধ হ’বলৈ ওলাইছিল বুলি মন্তব্য প্ৰকাশ কৰে।

    “যেতিয়া দুগৰাকী লোকৰ বিবাহৰ পাছত মনৰ মিল নহয় আৰু দুয়ো পৃথকে পৃথকে থাকিবলৈ লয় সেইটোকে বিবাহ বিচ্ছেদ বুলি কোৱা হয়,” এনেদৰে লাৰা দত্তই নিজৰ কন্যাক সেইদিনা বুজাইছিল বুলি অভিনেত্ৰী গৰাকীয়ে কয়।

    বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে শিশু সকলৰ মুখত এনেধৰণৰ শব্দৰ উচ্চাৰণে পৰিয়াল তথা পিতৃ-মাতৃক চিন্তিত কৰি তোলে বুলি উল্লেখ কৰি সমাজত এনেধৰণৰ ঘটনা হ্ৰাস কৰাৰ বাবে সকলোকে অনুৰোধ জনায়।

    আৰু পঢ়ক : কাজিৰঙাৰ গেলেকিত বিদ্যুৎপৃষ্ট হৈ বিদ্যুত বিভাগৰ কৰ্মচাৰীৰ কৰুণ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং