27 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নীলা মৌ… সঁচাকৈয়ে মৌ-মাখিয়ে নীলা ৰঙৰ মৌ উৎপাদন কৰিব পাৰে নেকি ! কি কয় বৈজ্ঞানিকে

    মৌ বুলি কলে সাধাৰণতেই মনলৈ আহে সোণালী ৰঙৰ মিঠা এক ৰস। যি ৰস মৌ-মাখিয়ে উৎপাদন কৰে। যি স্বাস্থ্যৰ পক্ষেও বহু উপকাৰী পিছে হয়তো বহু লোকেই নাজানে যে এবিধ নীলা ৰঙৰো মৌ পোৱা যায়।

    এই বিধ নীলা ৰঙৰ মৌ মৌ-মাখিয়েই উৎপাদন কৰে। এই সকলো ঘটনা এদিন হঠাতে হৈছিল। যেতিয়া মৌ-মাখিৰ এখন বাহত মাখি বোৰে হঠাতে নীলা ৰঙৰ মৌ গোটাবলৈ ধৰিছিল। গোটেই বাহটোৱেই নীলা ৰঙৰ মৌৰে ভৰি পৰিছিল।

    যি ঘটনা দেখি মৌ-মাখি পালকো আচৰিত হৈছিল, কৰ পৰা আহিল এই নীলা মৌ, কেনেকৈ উৎপাদন হল এই নীলা মৌৰ। এই ঘটনা সংঘটিত হৈছিল আজিৰ পৰা কেইবাবছৰো পূৰ্বে ২০১২ চনত ফ্ৰাঞ্চত। যেতিয়া পালক জনে দেখে যে বাহবোৰ নীলা ৰঙৰ মৌৰে ভৰি উঠিছে, তেওঁ ইয়াৰ তদন্তৰ বাবে নামি পৰে।

    তিনিমাহ পিছতেই তদন্তত ধৰা পৰে যে, মাখি বোৰে কোনো ফুলৰ সলনি ,বৰঞ্চ ওচৰৰে এক বায়োগেছ কোম্পানীৰ পেলনীয়া সামগ্ৰীৰ পৰা ৰস সংগ্ৰহ কৰি সেইবোৰ বাহত গোটাই। যি বোৰ নীলা ৰঙৰ মৌলৈ পৰ্যবসিত হয়।

    এই কাৰ্য ধৰা পৰাৰ পিছতে ফ্ৰাঞ্চ চৰকাৰে সেই কোম্পানীৰ সকলো পেলনীয়া সামগ্ৰী তাত পেলোৱাৰ বাবে নিষেধাজ্ঞা আৰোপ কৰে। কিয়নো কেৱল সেইয়ে নহয়, এইদৰে পেলনীয়াৰ পৰা ৰস সংগ্ৰহ কৰাৰ ফলত মৌ মাখি বোৰৰো মৃত্যু হয় আৰু সংখ্যা কমি যাবলৈ ধৰে।

    অনুৰূপ ঘটনাই সংঘটিত হৈছিল আমেৰিকাতো। পিছে তদন্তত উলাইছিল দুটাকৈ কাৰণ, এটা আছিল নীলা ৰঙৰ ফুলৰ পৰা সংগ্ৰহ কৰা ৰস আনটো ৱাইন ফেক্টৰীৰ পৰা পেলনীয়া সামগ্ৰীৰ পৰা সংগ্ৰহ কৰা ৰসৰ বাবে।

    পিছে সেই মৌ খাবৰ উপযোগী নহলেও পিছলৈ কৃত্ৰিম ভাৱে নীলা ৰঙৰ মৌ উৎপাদন কৰিবলৈ ধৰে। যাৰ মূল্য কিছু অধিক। যাক তৈয়াৰ কৰোতেও কিছু সময়ৰ প্ৰয়োজন। মৌত মাশ্বৰুম ডুবাই থলে সেই মৌৰ ৰং নীলা ৰঙলৈ সলনি হয়। ইয়াৰ বাবে ২ মাহ সময়ৰ প্ৰয়োজন।

    আৰু পঢ়ক : প্ৰেমিকাই ফোন কৰি মাতি আনি আত্মীয়ৰ দ্বাৰা প্ৰেমিকক হত্যা কৰাৰ অভিযোগ, অসম আৰক্ষীৰ তদন্ত অব্যাহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং