22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আপুনি কংগ্ৰেছী নে বাওঁপন্থী?

    সাম্প্ৰতিক সময়ত ছচিয়েল মিডিয়াত বহূলভাৱে চৰ্চিত প্ৰশ্নটোৱেই হ’ল আপুনি কংগ্ৰেছী নে বাওঁপন্থী ? বৰ্তমান সময়ত কোনোবাই যদি ছচিয়েল মিডিয়াত চৰকাৰক প্ৰশ্ন কৰে বা চৰকাৰৰ বিৰোধীতা কৰি কিবা পোষ্ট কৰে তেন্তে অধিকাংশ মানুহেই চৰকাৰক প্ৰশ্ন কৰা সেই ব্যক্তিজনকেই ওলোটাই প্ৰশ্ন কৰা দেখা যায় যে -আপুনি কংগ্ৰেছী নে বাওঁপন্থী ?

    আপুনিও যদি কেতিয়াবা এনেকুৱা মাধ্যমত চৰকাৰক প্ৰশ্ন কৰিছে তেন্তে আপুনিও হয়তো একেই অভিজ্ঞতাৰ সন্মুখীন হ’বলগীয়া হৈছে। এতিয়া মূল কথাটো হ’ল চৰকাৰক প্ৰশ্ন কৰাবোৰ অকল বিৰোধী পক্ষৰেই থাকে নেকি?এই প্ৰশ্ন কৰা মানুহবোৰ দেশৰ নাগৰিক হ‘ব নোৱাৰে নেকি? তাৰ উত্তৰত আমি প্ৰথমতে কিছুমান কথা বুজাৰ প্ৰয়োজন আছে ।

    বৰ্তমান সময়ত প্ৰায় সকলো শ্ৰেণীৰ,সকলো বয়সৰ মানুহে ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে। দেশত হৈ থকা সকলো ঘটনা-পৰিঘটনা যেনে-খেলৰ পৰা শিক্ষা,অৰ্থনীতিৰ পৰা ৰাজনীতি আদি সকলো বিষয় এই মাধ্যমসমূহত আলোচনাৰ বিষয়বস্তু হৈ পৰে। বিভিন্নজনে নিজৰ মতামত তেওঁ লাভ কৰা তথ্য বা সংবাদৰ ভিত্তিত প্ৰকাশ কৰে যাৰ জৰিয়তে ছচিয়েল মাধ্যম এক বৃহৎ  তথ্য বা সংবাদৰ উৎস হৈ পৰে যিটো এক ভাল কথা।

    কিন্তু একেটা সময়তে অন্য কিছুমান কথাই ছচিয়েল মিডিয়াৰ মঞ্চখনক আৱৰ্জনাময় কৰি তোলা দেখা যায়।যদি কোনোবা সচেতন নাগৰিকে চৰকাৰৰ কিবা নীতি-নিয়ম বা আঁচনিক লৈ চৰকাৰক প্ৰশ্ন কৰিছে বা চৰকাৰৰ কিবা কামক লৈ সমালোচনা কৰিছে তেন্তে এচাম লোকে প্ৰশ্নকৰোতা জনক কংগ্ৰেছী বা বাওঁপন্থী বুলি অভিহিত কৰিব আৰম্ভ কৰে।

    তেওঁক আগৰ চৰকাৰে ৭০ বছৰত কি কৰিলে বুলি প্ৰশ্ন কৰে আৰু বিপক্ষৰ নেতাৰ নাম সাঙুৰি লৈ সেই গোটেই প্ৰশ্নটোকে এক অন্য দিশলৈ গতি প্ৰদান কৰে।কিন্তু আপুনি যদি ভালদৰে সেই প্ৰফাইল সমূহলৈ লক্ষ্য কৰে তেন্তে আপুনি দেখিব যে ৭০ বছৰৰ প্ৰশ্ন কৰা অধিকাংশৰ বয়স ২০ ৰ পৰা ৩০-ৰ ভিতৰত আৰু অধিকাংশই চৰকাৰ চলোৱা দলটোৰ বা তাৰ লগত জড়িত সংগঠনৰ সমৰ্থক বা সদস্য ।গতিকে যেতিয়াই আপুনি সচেতন নাগৰিক হিচাপে দেশত ঋণাত্মক হোৱা জিডিপি,৪৫ বছৰৰ ভিতৰত হোৱা সৰ্বাধিক নিবনুৱা,দৈনিক দেশত বৃদ্ধি পোৱা কৰোণা ৰোগীৰ সংখ্যা,বানপানী,গৰাখহনীয়া,মামৰ লগা বাটপথৰ ওপৰত প্ৰশ্ন কৰিব তেতিয়াই এনে একাংশ লোকে চৰকাৰৰ বিফলতা ঢাকিবলৈ আপোনাক বিভিন্ন চালে-বেৰে লগা কথা কৈ শেষত আপোনাক কংগ্ৰেছী বা বাওঁপন্থী সমৰ্থক বুলি অভিহিত কৰাৰ প্ৰয়াস কৰিব।এইচাম লোকৰ লগত আপুনি সঠিক যুক্তিৰে কথাবোৰ আলোচনা কৰাৰ চেষ্টা কৰিলেও কোনো লাভালাভ নাপাব কিয়নো এইচাম লোকৰ কথাৰ লগত যুক্তিৰ দূৰ-দূৰলৈ কোনো সম্পৰ্ক থকা সাধাৰণতে দেখিবলৈ পোৱা নাযায়।

    এতিয়া কথাটো হ’ল বহুত মানুহেই এই বিৰোধী দলৰ সমৰ্থক সজোৱা কথাটোক সাধাৰণ কথা বুলি ভাৱি তাক এৰাই চলাৰ চেষ্টা কৰে। কিন্তু আপুনি মই ভবাৰ দৰে এইটো ইমান সৰু কথা নহয়। এইবোৰ কামৰ জৰিয়তে আচলতে এইচাম লোকে জনমানসত এনেকুৱা এটা ধাৰণাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যে চৰকাৰৰ কাম-কাজক লৈ প্ৰশ্ন কৰাবোৰ দৰাচলতে বিৰোধী দলৰ সদস্য বা সমৰ্থকহে।

    কিয়নো সাধাৰণ জনতা এই চৰকাৰখনক লৈ অত্যন্ত সুখী আৰু তেওঁলোকে এইখন চৰকাৰৰ দিনত কোনো ধৰণৰ সমস্যাৰ সন্মুখীনেই হোৱা নাই।গতিকে তেওঁলোকে এই ধাৰণাৰ সৃষ্টি কৰি অতি কৌশলপূৰ্ণভাৱে সচেতন নাগৰিকসকলৰ প্ৰশ্নক জনমানসত বিৰোধীৰ প্ৰশ্ন বুলি সাধাৰণ জনসাধাৰণক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে।

    এখন গণতান্ত্ৰিক দেশত যেতিয়া নাগৰিকে প্ৰশ্ন কৰিলে তেওঁক কংগ্ৰেছী বা বাওঁপন্থী বা অন্য দলৰ সমৰ্থক বুলি অভিহিত কৰিবলৈ এইদৰে এচামে উঠিপৰি লাগে তেতিয়া নাগৰিক হিচাপে আপুনি লাভ কৰা বাক-স্বাধীনতাৰ ওপৰত ই পৰোক্ষভাৱে হ’লেও আঘাত হানে। এনেদৰে প্ৰশ্ন কৰিলেই এজন নাগৰিকক যেতিয়া প্ৰতিবাৰেই অন্য দলৰ সমৰ্থক হিচাপে জনমানসত উপস্থাপন কৰা প্ৰক্ৰিয়া চলি থাকিব তেতিয়া সেই নাগৰিকজনে কৰা প্ৰশ্নবোৰৰ গ্ৰহণযোগ্যতা হ্ৰাস পাব আৰু ইয়ে লাহে লাহে এটা সময়ত সামাজিক মাধ্যমত নাগৰিকৰ প্ৰশ্ন কৰাৰ পৰিধি একেবাৰে সীমিত কৰি পেলাব।আৰু গণতন্ত্ৰত যেতিয়া নাগৰিকে প্ৰশ্ন কৰাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব তেন্তে গণতন্ত্ৰ কোনটো পৰ্যায়ত থাকিব সেইটো প্ৰতিজন সচেতন নাগৰিকে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিব।

    গতিকে সময় থাকোতেই কিছুমান কথাৰ প্ৰতি আমি সচেতন হ’ব লাগিব। কোনোবাই প্ৰশ্ন কৰিলেই তেওঁক ওলোটাই কোনোবাৰ সমৰ্থনকাৰী বুলি অভিহিত কৰা বা ৭০ বছৰৰ ইতিহাসৰ বিষয়ে প্ৰশ্ন কৰাৰ পৰিবৰ্তে তেওঁৰ প্ৰশ্নৰ যুক্তিযুক্ততা বিচাৰ কৰিব লাগিব।সেই প্ৰশ্ন সমূহ যুক্তিসংগত হ’লে তাৰ ওপৰত গঠনমূলক আলোচনা কৰিব লাগিব আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ সকলো একগোট হৈ চৰকাৰক হেচাঁ প্ৰয়োগ কৰিব লাগিব।তেতিয়াহে নাগৰিক হিচাপে আমি প্ৰত্যেকেই নিজৰ দায়িত্ব পালন কৰি গণতন্ত্ৰ শক্তিশালী ৰূপত বৰ্তি থকাত আৰু চৰকাৰক ভালদৰে কাৰ্য সম্পাদনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিম।

    (প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে। )

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং