27 C
Guwahati
Monday, October 3, 2022
More

    কোন দলে দখল কৰিব টি-২০ বিশ্বকাপৰ খিতাপ; ভবিষ্যৎবাণী এইগৰাকী বিশেষজ্ঞৰ

    অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া আইচিচি টি-২০ বিশ্বকাপত ট্ৰফী জয়ৰ বাবে অষ্ট্ৰেলিয়া শক্তিশালী প্ৰতিদ্বন্দ্বী বুলি অনুভৱ কৰিছে ভাৰতৰ প্ৰাক্তন উইকেটৰক্ষক তথা ক্ৰিকেট বিশেষজ্ঞ ছাবা কৰিমে।

    ২০২১ চনত ডুবাইত খেলা ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি খিতাপ জয় কৰা অষ্ট্ৰেলিয়াই ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপৰ অষ্টম ছিজনত ডিফেণ্ডিং চেম্পিয়ন হিচাপে অংশ ল’ব।

    ১৩ নৱেম্বৰত মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল। কৰিমকে ধৰি আন কেইবাজনো বিশেষজ্ঞই এৰন ফিঞ্চ নেতৃত্বাধীন অষ্ট্ৰেলিয়া দলটোক খিতাপ জয়ৰ প্ৰৱল দাবীদাৰ বুলি মন্তব্য কৰিছে।

    এটা নিউজ চেনেলৰ সাক্ষাতকাৰত কৰিমে কয়, ‘মই ভাবো যে তেওঁলোক এটা শক্তিশালী দল। বেটিং, বলিং, ফিল্ডিং আদিত গুৰুতত্বপূৰ্ণ অৰিহণা যোগাব পৰা কেইবাজনো খেলুৱৈ আছে’।

    কৰিমে আৰু কয়, ‘ডাঙৰ ষ্টেডিয়ামত আপোনাক কিছুমান পাৱাৰ হিটাৰৰ প্ৰয়োজন হয়, গতিকে তেওঁলোকে এই ফৰ্মেটৰ খেলুৱৈসকলক সুযোগ দিয়ে, য’ত তেওঁলোকৰ লগচ আছে টিম ডেভিদ আৰু গ্লেন মেক্সৱেল’।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং