26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মৰিয়নিৰ পৰৱৰ্তী বিধায়ক কোন…অখিল গগৈ নে ৰূপজ্যোতি কুৰ্মী ?

    মৰিয়নিৰ পৰৱৰ্তী বিধায়ক কোন…অখিল গগৈ নে ৰূপজ্যোতি কুৰ্মী। অসমত অনুষ্ঠিত হবলৈ গৈ থকা উপ-নিৰ্বাচনৰ মৰিয়নিত দেখিবলৈ পোৱা যাব এক নতুন যুঁজ। যি পূৰ্বে ইজনে সিজনৰ ভাই বন্ধুৰ দৰে সহায় কৰিছিল, এতিয়া সেই ভাই বন্ধু থিয় দিছে দুই মেৰুত।

    কোনে দখন কৰিব মৰিয়নি, তাকে লৈ বিভিন্ন জনৰ মাজত উত্থাপন হৈছে প্ৰশ্ন। এফালে যদি পূৰ্বৰ চাৰিবাৰৰ প্ৰাকন বিধায়ক, আনফালে প্ৰিয় নেতাগৰাকী। এগৰাকী যদি ৰাজনীতিৰ পথাৰৰ নতুন খেলুৱৈ বা দূৰে দূৰে থাকি খেল খেলা, আনজন বহু পুৰণি খেলুৱৈ।

    পিছে দুয়োৰে ভাৰ সমান। কোনো কম নহয় ৰাইজৰ মাজত। পিছে ৰাইজে বা বিচাৰে কি, নতুন নেতা নে পূৰ্বৰে নেতাক। ৰাজনীতিৰ চকুৰে চাব নে ভাৱপ্ৰৱন হৈ ভোট দি নিৰ্বাচন কৰিব নেতা।

    যি অখিল গগৈয়ে হৈ যোৱা বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবৰ বাবেই একমাত্ৰ ৰূপজ্যোতি কুৰ্মীক জিকাবৰ উদ্দেশ্যেই মৰিয়নি সমষ্টিৰ পৰা নিজৰ মনোনয়ন উঠাই লৈছিল, এতিয়া সেই ৰূপজ্যোতি কুৰ্মীয়েই কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিলৈ গমন কৰাত ক্ষোভিত হৈ পৰিছে অখিল গগৈ। সেয়ে বিশ্বাসঘাটক আখ্যা দিছে কুৰ্মীক।

    আনহাতে ৰূপজ্যোতি কু্ৰ্মীয়ো কোনো গুণে কম নহয়। নিৰ্বাচনৰ সময়ত দাদা দাদা কৰা অখিলকেই ফেপেৰি পাতি ধৰিছে। যি য়ে পুনৰ এবাৰ প্ৰমাণ কৰিছে ৰাজনীতিৰ পথাৰত সকলোৱে ভাই বন্ধু সকলোৱে শত্ৰু।

    অসমৰ ৰাজনীতি কোনো কোনো ক্ষেত্ৰত এখন ৰণ তথা কোনো কোনো ক্ষেত্ৰত এখন হিন্দী চিনেমাৰ দৰেই হৈছে। যিয়ে প্ৰতি মূহুৰ্তই সলনি হৈ আছে দৃশ্য পট। মাজতে সাধাৰণ নাগৰিক হৈ পৰিছে এই দৃশ্য উপভোগ কৰোতা।

    মৰিয়নিৰ দুয়োগৰাকী নেতা এতিয়া দুৰ্ধোৰ বিৰোধিতা এজনে আনজনৰ। অকিল গগৈয়ে ২৬ জুন তাৰিখে মাতৃৰ ওচৰলৈ যাওতে কৈছিল- কুৰ্মী মোৰ ভাইৰ দৰে , সি এনে কাম কৰিব নালাগিছিল, বিশ্বাসঘাটকতা কৰিছে কুৰ্মীয়ে। ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব কুৰ্মীয়ে।

    তেনেদৰেই ৰূপজ্যোতি কুৰ্মীয়েও প্ৰতিউত্তৰ দিছিল যে, তেওঁ কোনো পিছ পৰি থকা বিধৰ নহয়, মাকৰ গাখীৰ তেওোঁ খাইছে।

    এতিয়া মৰিয়নি বাসীয়ে অধিৰ আগ্ৰহেৰে বাট চাইছে উপ-নিৰ্বাচনৰ বাবে। নিৰ্বাচনত যেন আচল খেল দেখুৱাবলৈ মৰিয়নি বাসীয়ো সাজু।

    আৰু পঢ়ক : সাঁতোৰবিদ মানা পেটেলে ৰচিলে ইতিহাস; এই কৃতিত্ব গঢ়া ভাৰতৰ প্ৰথম মহিলা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং