ৰাজ্যৰ লোকে হিন্দী ছবিৰ বাবে নহয়, অসমীয়াক লৈ চিন্তিত হওক : শ্বাহৰুখক চিনি নোপোৱা মুখ্যমন্ত্ৰীয়ে কিয় ক’লে এইদৰে…..

0
882

“শ্বাহৰুখ খান কোন? তেওঁৰ বা ‘পাঠান’ ছবিখনৰ বিষয়ে মই একো নাজানো…” শনিবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ অতি চমু উত্তৰত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

শুকুৰবাৰে বজৰং দলৰ কৰ্মীসকলে মহানগৰীৰ নাৰেংগীৰ এটা চিনেমা হলত ‘পাঠান’ ছবিখনৰ পোষ্টাৰ ফালি জ্বলাই দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীক সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয়।

শৰ্মাই কয়, ‘খানে মোক ফোন কৰা নাই। অৱশ্যে বলীউডৰ বহু লোকে সমস্যা সন্দৰ্ভত এই কাম কৰে। কিন্তু যদি তেওঁ ফোন কৰে তেন্তে মই বিষয়টো চালি জাৰি চাম’।

তেওঁ লগতে এইটোও কয়, ‘যদি আইন উলংঘা কৰিছে আৰু গোচৰ ৰুজু হৈছে তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব’।

উল্লেখ্য যে, বলীউডৰ মেগাষ্টাৰ শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ৰ ‘বেছৰম ৰং’ গীতটোত দীপিকা পাডুকনে গেৰুৱা বিকিনি পিন্ধিছিল। আৰু সেয়ে হিন্দুত্ববাদী সংগঠনৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শ্বাহৰুখ আৰু তেওঁৰ ছবি।

বিশ্ব হিন্দু পৰিষদকে ধৰি আন কেইবাটাও সংগঠনৰ নেতাই ছবিখন ভাৰতত নিষিদ্ধ কৰাৰ দাবী জনাইছে।

যেতিয়া সাংবাদিকসকলে শ্বাহৰুখ খানক বলীউডৰ ছুপাৰষ্টাৰ বুলি অভিহিত কৰে তেতিয়া শৰ্মাই কয় যে ৰাজ্যৰ জনসাধাৰণে হিন্দী ছবিৰ বাবে নহয়, অসমীয়াক লৈ চিন্তিত হ’ব লাগে।

তেওঁ লগতে এইটো কথাও কয় যে প্ৰয়াত নিপন গোস্বামীৰ পৰিচালিত অসমীয়া ছবি ‘ড° বেজবৰুৱা-পাৰ্ট ২’ শীঘ্ৰে মুক্তি পাব। মানুহে সেইখন চাব লাগে।

উল্লেখ্য যে সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাৰে নিৰ্মিত ‘পাঠান’ ছবিখন অহা ২৫ জানুৱাৰিত মুক্তি লাভ কৰিব।