এদিনতে দেশবাসীৰ নয়নমণি হোৱা কোন এই ‘এনকাউণ্টাৰ স্পেচিয়েলিষ্ট’ ভিচি সজ্জনাৰ?

২০০৮ চনতো ৱাৰাংগলত ইঞ্জীনিয়াৰিং পঢ়ি থকা দুগৰাকী যুৱতীক এচিডেৰে আক্ৰমণ কৰি হত্যা কৰা ৩ পাষণ্ডক এনকাউণ্টাৰ কৰিছিল সেই সময়ৰ ৱাৰাংগল জিলাৰ আৰক্ষী অধীক্ষক ভিচি সজ্জনাৰে

0
935
Photo : Gulte
Photo : Gulte

হাইদৰাবাদ ‘দিশা কাণ্ড’ৰ ৪টা নৰপিশাচক এনকাউণ্টাৰ কৰাৰ পিছত দেশজুৰি বাঃ বাঃ বুটলিছে চাইবেৰাবাদৰ আৰক্ষী আয়ুক্ত ভিচি সজ্জনাৰে। এইগৰাকী এনকাউণ্টাৰ স্পেচিয়েলিষ্টৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিছে জনসাধাৰণ। ২০০৮ চনতো ৱাৰাংগলত ইঞ্জীনিয়াৰিং পঢ়ি থকা দুগৰাকী যুৱতীক এচিডেৰে আক্ৰমণ কৰি হত্যা কৰা ৩ পাষণ্ডক এনকাউণ্টাৰ কৰিছিল সেই সময়ৰ ৱাৰাংগল জিলাৰ আৰক্ষী অধীক্ষক ভিচি সজ্জনাৰে। নক্সালবাদীৰ নেতা নায়িমুদ্দিনক এনকাউণ্টাৰ কৰি হত্যা কৰিও সুনাম আৰ্জিছিল তেওঁ। ১৯৯৬ চনৰ পৰা আৰক্ষী সেৱাৰ সৈতে জড়িত আছে ভিচি সজ্জনাৰ।

উল্লেখ্য যে হাইদৰাবাদত পশু চিকিৎসক এগৰাকীক ২৯ নৱেম্বৰত ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিছিল মহম্মদ পাছা, নবীন, চিন্তাকুন্তা কেশাৱুলু আৰু শিৱা নামৰ ৪টা নৰপিশাচে। এই ঘটনাৰ পিছতে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল। দেশত মহিলাৰ সুৰক্ষাৰ দাবীত আৰু অভিযুক্তক উচিত শাস্তি বিহাৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল লক্ষাধিক লোক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে হত্যা আৰু বলাৎকাৰ গোচৰত ৪ অভিযুক্তৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বিট দাখিল কৰাৰ পিছত ঘটনাৰ বিষয়ে অধিক তথ্য লাভৰ বাবে শুকুৰবাৰে পুৱতি নিশা হত্যাকাণ্ড সংঘটিত হোৱা স্থলীলৈ যায় আৰক্ষী। নৰপিশাচকেইটাই আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওতেই এইগৰাকী আৰক্ষী আয়ুক্তৰ নিৰ্দেশতে গুলীচালনা কৰে আৰক্ষীয়ে। যি ধৰণেৰেই নহওঁক, যি স্থানত ধৰ্ষণকাণ্ড সংঘটিত হৈছিল সেই স্থানতে বলাৎকাৰী কেইটাৰ হত্যা সংঘটিত হোৱাত সমগ্ৰ দেশতে নামিছে আনন্দৰ বন্যা।