26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চৰকাৰৰ টকা নাই, বানাক্ৰান্তত সাহায্য দিব লাগিব ৰাইজেই! কিমান সঁচা এই খবৰ

    ৰাজ্যত ক্ৰমাৎ জটিল হৈছে বান পৰিস্থিতি। ইতিমধ্যে বহুলোকে এই বানপানীৰ ফলত প্ৰাণ হেৰুওৱাৰ লগতে একাংশ লোকে নিজৰ ঘৰ-বাৰী হেৰুৱাবলগীয়া হৈছে। এই সময়ত চৰকাৰে বানৰ সৈতে যুঁজিব পৰাকৈ একাংশ লোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সহায় আগবঢ়াইছে। কৰ’ণাৰ সময়ত সহায় কৰাৰ দৰে বানৰ সময়তো বিভিন্নজনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন দান দিছে।

    পিছে ৰাজ্যৰ বানৰ এনে জটিল সময়তো একাংশ লোক ব্যস্ত ফেক নিউজ বিয়পোৱাত।ফেক নিউজ বিয়পোৱা লোকসকলে লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰীক। হঠাৎ ছ’চিয়েল মেডিয়াত ভাইৰেল কৰি দিয়া হৈছে এখন সম্পাদিত গোহাৰি।

    Image

    মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত এই গোহাৰিখনত লিখা হৈছে, “বন্যাৰ্তসকললৈ সহায়ৰ হাত আগবঢ়াও আহক। টকা নাই বানাক্ৰান্তত সাহায্য দিব লাগিব ৰাইজেই!” এই ফটোখন ভাইৰেল হৈ পৰাৰ লগে লগে বিজেপি দল তথা চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিভিন্নজনে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আক্ৰমণ কৰি নমামী ব্ৰহ্মপুত্ৰ, ফিল্মফেয়াৰ আদি অনুষ্ঠানৰ প্ৰসংগও উত্থাপন কৰিছে বিভিন্নজনে।

    ইফালে ছ’চিয়েল মেডিয়াত অতি কম সময়তে ভাইৰেল হৈ পৰা এই গোহাৰিখন মিছা বুলি এক টুইট কৰিছে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে। য’ত এই ফটোখনক ‘ফেক নিউজ’ বুলি লিখা দেখা গৈছে।

    Photo Source: Facebook

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং